NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-চীন সংঘাত : আলোচনাৰে সীমান্তৰ বিবাদ নিষ্পত্তিৰ পৰামৰ্শ ব্ৰিটেইনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 5:41 pm
index.jpg

ভাৰত-চীন সীমান্তৰ বিবাদ শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে নিষ্পত্তি কৰবিলৈ পৰামৰ্শ প্ৰদান কৰিছে গ্ৰেইট ব্ৰিটেইনৰ চৰকাৰে।

ব্ৰিটিছ চৰকাৰৰ এক চৰকাৰী বিবৃবতিৰ যোগে এই মন্তব্য কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

লাডাখ সীমান্তৰ ভাৰত-চীনৰ ৰক্তক্ষয়ী সংঘৰ্ষক ‘অতি গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক’ বুলিও মন্তব্য কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

ভাৰত-চীনৰ লাডাখ সীমান্তৰ সংঘৰ্ষৰ সন্দৰ্ভত শেহতীয়াকৈ চৰকাৰী বিবৃতিত দিলেও ব্ৰিটেইনে সমগ্ৰ পৰিস্থিতৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বুলি জনাইছে প্ৰধানমন্ত্ৰী জনছনে।

ইফালে বুধবাৰে ব্ৰিটিছ সংসদত ভাৰত-চীনৰ লাডাখ সীমান্তৰ সংঘাত সম্পৰ্কীয় এক প্ৰশ্নোত্তৰত প্ৰধানমন্ত্ৰী জনছনে কয়, “আমি মাত্ৰ এইটো ক’ব পাৰো যে উভয় পক্ষই আলাপ-আলোচনাৰ মাধ্যমেৰে সীমান্ত সমস্যা সমাধান কৰিব পাৰিব।”

ভাৰত-চীনৰ সীমান্তৰ বিবাদ আলোচনাৰ মাধম্যৰে নিষ্পত্তি কৰিবলৈ ব্ৰিটেইনে দুয়োখন দেশক উৎসাহিত কৰা বুলিও প্ৰধানমন্ত্ৰী জনছনে কয়।

উল্লেখ্য যে, ভাৰত-চীন সীমান্তৰ ৰক্তক্ষয়ী সংঘৰ্ষই প্ৰায় দহটা দিন অতিক্ৰম কৰিছে।

সংঘৰ্ষৰ পিছৰ গোটেই পৰিস্থিতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকাৰ বাবেই ইমান দিনে ব্ৰিটেইনে বিবৃতি দিয়া নাছিল বুলি দাবী কৰে প্ৰধানমন্ত্ৰী জনছনে।