NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছী শাসনত PMNRFৰ টকা দিয়া হৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনক : জে পি নড্ডা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 11:45 am
JP Nadda

ভাৰত-চীনৰ মাজৰ সংঘাতক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা কংগ্ৰেছ দলক এইবাৰ উভতি ধৰিছে শাসনাধিষ্ঠ বিজেপিয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই শুকুৰবাৰে কংগ্ৰেছক উদ্দেশ্যি এটা টুইট কৰি কয় যে এসময়ত সংকটৰ সময়ত জনসাধাৰণে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা বৰঙণি সমূহ ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনক প্ৰদান কৰিছিল।

এই সন্দৰ্ভত তেওঁ টুইটটোত কয়, ‍‘PMNRFৰ অধ্যক্ষ কোন? ছোনিয়া গান্ধী। ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ অধ্যক্ষ কোন? ছোনিয়া গান্ধী‍‘।

কংগ্ৰেছৰ এই কাৰ্য অত্যন্ত নিন্দনীয় বুলিও উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে।

কংগ্ৰেছক লক্ষ্য কৰি নড্ডাই আৰু কয়, ‍‘ভাৰতবাসীয়ে প্ৰয়োজনীয়ৰ বাবে PMNRF ত টকা প্ৰদান কৰিছিল। এটা পৰিয়াল চলোৱাৰ বাবে এই ৰাজহুৱা ধনৰ ব্যৱহাৰ কৰাটো কেৱল গুৰুতৰ অভিযোগেই নহয় বৰঞ্চ ভাৰতবাসীৰ সৈতে কৰা এটা ডাঙৰ বিশ্বাসঘাটকতা’।

অধ্যক্ষ গৰাকীয়ে অন্য এটা টুইটত কংগ্ৰেছক চোকা সমালোচনা কৰি কয় যে এটা পৰিয়ালৰ ভোকে এখন দেশ বৰবাদ কৰি দিলে।

উল্লেখ্য যে চীন-ভাৰতৰ মাজত সীমাকেন্দ্ৰিক বিবাদৰ সংঘাতত ভাৰতৰ ২০ জন সেনা জোৱান ছহিদ হোৱৰ পিছৰে পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি আছিল।