NORTHEAST NOW (Assamese)
অসম

ডিজিটেল বাজেট নিবিচৰা বিধায়কক প্ৰদান কৰা হ’ব ছপা বাজেট : হিমন্ত বিশ্ব

Posted by: এন ই নাও নিউজ February 26, 2018 10:58 pm
assam-assembly-building

অহা ১২ মাৰ্চত অসম বিধানসভাত উত্থাপন হ’বলগীয়া ডিজিটেল বাজেটক লৈ বিধায়ক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

বেছিসংখ্যক বিধায়কে বাজেটখনক নতুন ৰূপত চোৱাৰ বাবে উৎসাহী হৈ থকাৰ বিপৰীতে এটা অংশই বাজেটখনক আগৰ ছপা আকাৰতে চাব খোজে।

অৱশ্যে ডিজিটেল বাজেটকলৈ আপত্তি কৰি থকা বিধায়কসকলক ছপা আকাৰৰ বাজেট দিয়া হ’ব বুলি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰি ইয়াক লৈ সৃষ্টি হৈ থকা সকলো খেলি-মেলি দূৰ কৰে।

লক্ষণীয় যে ডিজিটেল বাজেটকলৈ যথেষ্ট অসনতুষ্ট হৈ থকা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, ‘সকলোৱে টেবলেট বা স্মাৰ্টফোনৰ লগত সমানে অভ্যস্ত নহয়। এইখন চৰকাৰে অনৰ্থক জতিলটাৰ সৃষ্টি কৰিছে। উক্ত সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকে বিধায়ক সকলৰ সৈতে বিষয়টো আলোচনা কৰিব লাগিছিল।’

আনহাতে হিমন্ত বিশ্বই কয়, ‘কেৱল এগৰাকী বিধায়কে হে ডিজিটেল বাজেটৰ বিৰোধিতা কৰিছে। আমি ডিজিটেল বাজেটেই উত্থাপন কৰিম, যদি কাৰোবাৰ ইয়াক লৈ অসুবিধা হয় আমি তেওঁক ছপা বাজেট প্ৰদান কৰিম।’

বিৰোধি দল সমূহে বিধানসভাৰ ভিতৰত এটা আৰু বাহিৰত আন এটা মন্তব্য কৰে বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, ‘বাহিৰত তেওঁলোকে বহু সমস্যাৰ অভিযোগ কৰি থাকে কিন্তু বিধানসভাৰ মজিয়াত তেওঁলোকে কেতিয়াও উক্ত সমস্যা সমূহক উত্থাপন নকৰে।’