NORTHEAST NOW (Assamese)
অৰুণাচল

নিয়কুম য়ুল’উ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

Posted by: এন ই নাও নিউজ February 26, 2018 8:25 pm
n-570x320

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিয়কুম য়ুল’উ উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক, বিশেষকৈ নিয়িশিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

নিয়কুম য়ুল’উ উৎসৱ ৰাজ্যখনৰ নিয়িশি সম্প্ৰদায়ৰ লোকসকলে পালন কৰে।

নিজৰ শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে নিয়িশিসকলক তেওঁলোকৰ চহকী সংস্কৃতিক ধৰি ৰখাৰ বাবে আৰু পৰম্পৰাগত জাকজমকতাৰে নিয়কুম য়ুল’উ উদযাপন কৰি তেওঁলোকৰ পৰম্পৰা জীয়াই ৰখাৰ বাবে অভিনন্দন জনায়।

‘’প্ৰকৃত কথাটো হ’ল যে উৎসৱটো কিছুমান ঠাইত ইয়াৰ ৫০ বছৰ অতিক্ৰম কৰিলে। যোৱা বছৰ জোৰামত অনুষ্ঠিত হৈছিল। ই নিয়িশি সকলৰ এক চহকী সাংস্কৃতিক ঐতিহ্য থকা কথাটোকে গৌৰৱেৰে প্ৰমান কৰে,’’-পেমা খাণ্ডুৱে কয়।

উৎসৱত যোগদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে নিয়কুমে অৰুণাচলী লোকৰ বাবে সু-স্বাস্থ্য আৰু সম্পদ কঢ়িয়াই আনিব।

তেওঁ লগতে আশা ব্যক্ত কৰে যে ৰাজ্যখনৰ সকলোবোৰ থলুৱা উৎসৱকে পুজি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সোনকালেই আৰম্ভ কৰা হ’ব আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব।

অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীসমূহৰ নিজা নিজা পৰম্পৰাগত উৎসৱ আছে আৰু তেওঁলোকে এই উৎসৱসমূহ অতি আন্তৰিকতাৰে সৈতে পালন কৰে।

উত্তৰ-পূৰ্বাঞ্চলত ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা উৎসৱৰ সময় এতিয়াও ইয়াৰ বিভিন্ন ৰাজ্যত বিভিন্ন জনগোষ্ঠীৰ মাজত চলি আছে। সৰু সৰু জনগোষ্ঠীসমূহৰ নিজস্ব উৎসৱসমূহ বছৰটোৰ বিভিন্ন সময়ত অনুষ্ঠিত হয়।

নিয়িশি হৈছে অৰুণাচল প্ৰদেশৰ এটি সৰু জনগোষ্ঠী আৰু ইয়াৰো নিজস্ব সাংস্কৃতিক ঐতিহ্য আছে। নিয়কুম য়ুল’উ হৈছে এই জনগোষ্ঠীটোৰ পৰম্পৰা বহন কৰা এটি হেঁপাহৰ উৎসৱ।