NORTHEAST NOW (Assamese)
Popular Stories

কমনৱে’লথৰ কোভিড-১৯ প্ৰকল্পত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই গৱেষকৰ স্থান লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 10:58 am

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ দুগৰাকী গৱেষক ছাত্ৰ কমনৱে’লথৰ ছেক্ৰেটেৰিয়েটৰ এটি প্ৰকল্পৰ বাবে নিৰ্বাচিত হৈছে।

কোভিড-১৯এ বৰ্তমান শিক্ষা ব্যৱস্থাত পেলোৱা প্ৰভাৱ সম্পৰ্কীয় গৱেষনাৰ বাবে কমনৱে’লথ ছেক্ৰেটেৰিয়েটে আৰম্ভ কৰা প্ৰকলপটোত স্থান লাভ কৰা গৱেষক দুগৰাকী হৈছে হৈমাৱতী তালুকদাৰ আৰু ৰাজা দাস।

তেওঁলোকে অংশ ল’বলগীয়া প্ৰকল্পটোৰ নাম হৈছে ‘OpenUpYourThinking’।

৫৪খন কমনৱে’লথ ৰাষ্ট্ৰৰ পৰা নিৰ্বাচিত হোৱা মূঠ ১৬০ গৰাকী গৱেষকৰ ভিতৰত অসমৰ এই দুগৰাকী গৱেষকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ-পূবৰ পৰা কেৱল এওঁলোকেই গৱেষনামূলক প্ৰকল্পটোৰ বাবে নিৰ্বাচিত হৈছে।

প্ৰকল্পটোত কোভিড-১৯ৰ সময়ত চৰকাৰসমূহে কিদৰে বিদ্যালয়ৰ শিক্ষা কাৰ্যকৰী ৰাখিছে তথা এই মহামাৰীৰ প্ৰতি উচ্চ-শিক্ষা প্ৰতিষ্ঠানসমূহৰ সঁহাৰি কেনেধৰণৰ ইত্যাদিকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হ’ব।