NORTHEAST NOW (Assamese)
অসম

বি এছ এফত আৰু ৩৩ ক’ভিড পজিটিভ, মুঠ আক্ৰান্ত ৯৪৪

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 5:40 pm
8329 persons cured of COVID-19 in Assam

৩৩গৰাকী বি এছ এফৰ লোক যোৱা ২৪ ঘণ্টাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

এইসকলক লৈ বাহিনীটোত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০২লৈ বৃদ্ধি পাইছে।

বাহিনীটোত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৯৪৪গৰাকী।

ইয়াৰে ভিতৰত ৬৩৭গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে পাঁচগৰাকীৰ মৃত্যু হৈছে।

একেদিনাই ১৯৯০৬গৰাকী ক’ভিড পজিটিভ ব্যক্তিৰে সৈতে ভাৰতত মুঠ আক্ৰান্ত ৫২৮৮৫৯লৈ বৃদ্ধি পাইছে।

দেশত বৰ্তমান ২০৩০৫১গৰাকী সক্ৰিয় ৰোগী আছে।

ইয়াৰ বিপৰীতে ৩০৯৭১৩গৰাকী ব্যক্তি আৰোগ্য/ চিকিৎসালয়ৰ পৰা মুকলি/ আন ঠাইলৈ স্থানান্তৰিত হৈছে।

আনহাতে ভাৰতত ক’ভিড-১৯ত মৃত্যু হৈছে ১৬,০৯৫ গৰাকী ব্যক্তিৰ।

যোৱা ২৪ ঘণ্টাত দেশত ৪১০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।