NORTHEAST NOW (Assamese)
অসম

ভাৰতৰে শত্ৰুতা! নেপালত প্ৰতি কেজি নিমখ ১০০টকা, মিঠাতেল প্ৰতি লিটাৰত ২৫০টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 30, 2020 11:48 am
main-qimg-30066986785963bbbbc8c250c44e39cc-c

চীনৰ সৈতে হাত মিলাই ভাৰতৰ বিৰুদ্ধে শত্ৰুতা কৰাৰ পৰিণাম ভূগিবলৈ আগবাঢ়িছে নেপালে।

দেশ দুখন মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ অৱনতি ঘটাই নহয়, এতিয়া নেপালৰ নাগৰিকে নিত্য ব্যৱহাৰ্য সামগ্ৰী ক্ৰয়তো জ্বলাকলা খাবলগীয়া হৈছে।

শেহতীয়াকৈ নেপাল চৰকাৰে দিয়া নিৰ্দেশ যোগে দেশখনৰ নাগৰিকসকলক ভাৰতত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে।

সেইদৰে, ভাৰতীয় নাগৰিকৰ বাবেও নেপালত প্ৰৱেশৰ পথ বন্ধ কৰা হৈছে।

এনে কাৰ্যৰ ফলস্বৰূপে সীমান্ত বন্ধ হৈ পৰাত নেপালৰ সাধাৰণ নাগৰিকসকল আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈ পৰিছে।

দেশখনত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে। প্ৰতি কেজি নিমখৰ দাম ১০০টকা আৰু প্ৰতি লিটাৰ মিঠাতেল ২৫০টকাত বিক্ৰী হৈছে।

অৱশ্যে, সীমান্ত বন্ধ হোৱাৰ ফলত ভাৰতীয় সীমান্ত অঞ্চলতো প্ৰভাৱ পৰিছে। নেপাল সীমান্তত থকা ভাৰতীয় অঞ্চলসমূহত ব্যৱসায়ৰ ক্ষতি হৈছে।

নেপাল আৰু চীনৰ মাজত গঢ়ি উঠা বন্ধুত্বৰ প্ৰভাৱ দেশখনৰ ৰাজনীতিতো পৰিছে।

বাতৰি অনুসৰি, নেপালৰ সংসদত হিন্দী নিষিদ্ধ কৰাৰো কছৰৎ আৰম্ভ কৰা হৈছে। চীনৰ ইংগিতেই এনে কৰা হৈছে নেকি তাক লৈ দেশখনত প্ৰশ্নও উত্থাপিত হৈছে।

ইপিনে, ৰাজনৈতিক সংকটৰ সম্ভাৱনা দেখি নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে দেশখনত নেপালীসকলৰ মাজত জাতীয়তাবাদ গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে।

ইয়াৰ বাবে তেওঁ ভাৰত বিৰোধিতাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।