NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 30, 2020 2:03 pm

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

মহানগৰীত বিগত ২৪ ঘন্টাত ১৫ ছেণ্টিমিটাৰ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ।

মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ৩৮ ছে: মি: ওপৰেৰে বৈ আছে। এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় জলসম্পদ বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ কলিতাই।

মহানগৰীত বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ  ৫০.০৬  মিটাৰ৷ ৰাতিপুৱা ৬ বজাৰ পৰা বৰ্তমানলৈ প্ৰায় ৪ ছে: মি বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

২৬ জুনত গুৱাহাটীত লুইতৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছিল আৰু নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈ আছে লুইতৰ জলপৃষ্ঠ।

উল্লেখ্য যে ২০০৪ চনত ৫১.৪৬ মিটাৰলৈ বৃদ্ধি হৈছিল লুইতৰ জলস্তৰ। যাৰ ফলত মহানগৰীৰ ফাচী বজাৰত ব্ৰহ্মপুত্ৰৰ পানী সোমাইছিল।

মহানগৰীত লুইতৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত লাচিত ঘাটৰ প্ৰায় অংশ পানীত ডুৱ গৈছে। বৰ্তমানৰ জলস্তৰত কৈ প্ৰায় ১ মিটাৰ বৃদ্ধি পালেই গুৱাহাটীৰ ফাচী বজাৰ অঞ্চল বানৰ কবলত পৰিব পাৰে।