NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ লাখটকীয়াত গাড়ীৰ ভিতৰত মৃতদেহ উদ্ধাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 30, 2020 5:17 pm
Man found dead inside his car in Guwahati

শুভ্ৰজ্যোতি বৰুৱা নামৰ এজন লোকৰ মৃতদেহ গুৱাহাটীৰ লাখটকীয়াৰ ফ্লাইঅ’ভাৰৰ সমীপত গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে।

লাখটকীয়াৰ প্ৰেছিডেণ্ট হোটেলৰ সন্মুখত AS-01AV-7932 নম্বৰৰ নেন’ গাড়ীৰ ভিতৰত মৃতদেহটো সোমবাৰে উদ্ধাৰ হৈছিল।

আৰক্ষী সূত্ৰই জনোৱা মতে, শুভ্ৰজ্যোতি বৰুৱাৰ (৪৩) গুৱাহাটীৰ হাতীগড় চাৰিআলিস্থিত ৰ’দালি এপাৰ্টমেণ্টৰ বাসিন্দা।

বৰুৱা বাহনসহ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে গীতানগৰ আৰক্ষী থানাত ২৮ জুনত   জনাইছিল৷

লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷