NORTHEAST NOW (Assamese)
অসম

চামগুৰিত কলং সুঁতিত গা ধুবলৈ গৈ এটি শিশুৰ সলিল সমাধি

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা July 1, 2020 7:45 pm
Child's body recovered from flood water in Bokakhat

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত এটি আঠ বছৰীয়া শিশুৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

বুধবাৰে দুপৰীয়া কলং সুঁতিত গা ধুবলৈ গৈ হৰজত আলী (৮) নামৰ শিশুটিৰ সলিল সমাধি ঘটে।

জানিব পৰা মতে, দিনৰ প্ৰায় এক মান বজাত সোনাৰিবালি নিবাসী ইমাম হুছেইনৰ পুত্ৰ হৰজতে আনদিনাৰ দৰে নৈত গা ধুবলৈ গৈছিল।

কিন্তু বাৰিষাৰ ফেনে-ফোটোকাৰে বাঢ়ি অহা কলং সুঁতিত নামি শিশুটি সন্ধানহীন হৈ পৰাত স্থানীয় লোকৰ মাজত হাহাকাৰ লাগে।

স্থানীয় লোকে পিছত চামগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত শিশুটিৰ মৃতদেহটো কলং সুঁতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত হৰজতৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।