NORTHEAST NOW (Assamese)
Popular Stories

ফ্লু ইনফেকচনে কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 11:06 am
The girl is protecting herself from gloves and stay home. self quarantine. Covid-19 Pandemic.

ফ্লু সংক্ৰমণে কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে। বাংগালুৰুস্থিত এদল বিজ্ঞানীয়ে কৰিছে এই দাবী।

তেওঁলোকে কৰা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে বুলি দাবী কৰিছে।

বাংগাৰুলুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স(IISc)দ্বাৰা পৰিচালিত এই দলটোৱে ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ জনসাধাৰণৰ মাজত সৰু আই, হেপাটাইটচিছ বি ভাইৰাছ, প’লিও, যক্ষ্মা আৰু ফ্লু সম্পৰ্কৃত ৰোগ আৰু প্ৰতিষেধক প্ৰয়োগৰ তথ্য ব্যৱহাৰ কৰি এই অধ্যয়ন কৰিছিল।

“সৰু আই বোপাটাইটিছ বি ভাইৰাছ আৰু প’লিঅ’ ৰোগৰ ক্ষেত্ৰত কেভিড১৯ৰ ঘটনা বা মৃত্যুৰ সৈতে এই প্ৰতিষেধক প্ৰয়োগৰ কোনো সম্পৰ্ক নাই। কিন্তু যিবোৰ দেশত যক্ষ্মা আৰু ফ্লুত আক্ৰান্ত হয় তাত কোভিড১৯ত আক্ৰান্তৰ মৃত্যুৰ সম্পৰ্ক আছে।” দলটোৱে কয়।

বিশ্বব্যাপি চলা অধ্যয়নসমূহত বিচিজি(এবিধ যক্ষ্মা প্ৰতিষেধক) ব্যৱহাৰৰ ফলত ভাৰতৰ দৰে কিছুমান নিৰ্দিষ্ট দেশত কোভিড১৯ৰ মৃ্ত্যুৰ হাৰ কম হোৱা বুলি ধাৰণা কৰা হৈছিল।

এই অধ্যয়নত ভাৰত আৰু অষ্ট্ৰেলিয়া আদি দেশত ফ্লু-কোভিড১৯ আক্ৰান্তৰ মৃত্যুৰ হাৰ কম হোৱা বুলি কোৱা হৈছে।

গৱেষকসকলে আৱিস্কাৰ কৰিছে যে আমেৰিকা, ইটালী, স্পেইন আৰু ফ্ৰান্স আদি দেশত স্বাস্থ্য বিভাগে নিয়মিত ফ্লুৰ প্ৰতিষেধক প্ৰদান কৰিছে আৰু তাৰ ফলত কোভিড১৯ৰ মৃত্যুৰ হাৰ কমা দেখা গৈছে।

অধ্যয়নটোত কোৱা হৈছে যে ফ্লু সংক্ৰমিত দেশতসমূহত কোভিড১৯ৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম হোৱা দেখা গৈছে।