NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰা ৫০ টকাত ক্ৰয় কৰা কুকুৰ নাগালেণ্ডত বিক্ৰী হয় ১০০০ টকাত

Posted by: ভদ্র গগৈ Updated by: ভদ্র গগৈ July 2, 2020 9:04 pm
Dog-1140x570

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য নাগালেণ্ডৰ বহু লোকৰ প্ৰিয় খাদ্য কুকুৰৰ মাংস।

ৰাজ্যখনৰ ডিমাপুৰকে ধৰি অন্যান্য বহু অঞ্চলত চলি আছে কুকুৰৰ মাংসৰ ৰমৰমীয়া ব্যৱসায়।

অসমৰ পৰা ৫০ টকা ব্যয় কৰি লৈ যোৱা প্ৰতিটো কুকুৰ এতিয়া নাগালেন্ডত বিক্ৰী হৈছে ১০০০ টকাত। এই অভিযোগ উত্থাপন হৈছে পশুপ্ৰেমী সংগঠনৰ তৰফৰ পৰা।

দেশৰ ৭০ খন চহৰত বিস্তৃত হৈ থকা ফেডাৰেছন অৱ ইণ্ডিয়ান এনিমেল প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনে নাগালেণ্ডৰ কুকুৰৰ মাংসৰ বৃহৎ বজাৰখন সন্দৰ্ভত কেতবোৰ তথ্য দাঙি ধৰিছে।

সংগঠনটোৰ কাৰ্যবাহী সঞ্চালক ভদ্ৰ মেৰহোত্ৰাই সদৰী কৰা অনুসৰি ডিমাপুৰৰ বজাৰত অতি দুখ লগা অৱস্থাত কুকুৰবোৰ বিক্ৰীৰ বাবে ৰখা হয়।

ৰাজ্যখনত প্ৰতি কিলোগ্ৰাম কুকুৰৰ মাংস ২০০ টকাকৈ বিক্ৰী হৈ আছে বুলিও তেওঁ উল্লেখ কৰে।

কুকুৰৰ মাংসৰ বিক্ৰী বন্ধ কৰাৰ বাবে সংগঠনটোৱে চৰকাৰক আৱেদন জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

তেওঁ লগতে কয় যে ২০১৬ চনত নাগালেণ্ডৰ চৰকাৰে কুকুৰৰ মাংস নিষিদ্ধ কৰাৰ বাবে তৎপৰতা দেখুৱাইছিল যদিও সময়ত সেয়া কাৰ্যকৰী নহ’ল।