NORTHEAST NOW (Assamese)
Popular Stories

২০১১ বিশ্বকাপৰ ফাইনেল ফিক্স কৰাৰ অভিযোগত ছাংগাকাৰক ১০ ঘণ্টা জেৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 10:12 am

২০১১ এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলে বিজয় সাব্যস্ত কৰিছিল।

এই ঐতিহাসিক মেচখনৰ ৯ বছৰ পিছত শ্ৰীলংকাৰ তেতিয়াৰ খেল মন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে যে শ্ৰীলংকাই বিশ্বকাপৰ খিতাপ ভাৰতক বিক্ৰী কৰিছে।

এই অভিযোগৰ ভিত্তি কৰি শ্ৰীলংকা চৰকাৰে বৰ্তমান সত্যৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে প্ৰাক্ত অধিনায়ক কুমাৰ ছাংগাকাৰাক খেল মন্ত্ৰ্যালয়ত স্পেচিয়েল ইনভেষ্টিগেশ্যন য়ুনিটে ১০ ঘণ্টা জেৰা চলায়।

ইয়াৰ পূৰ্বে দলৰ মুখ্য নিৰ্বাচক অৰবিন্দা ডি ছিলভাকো জেৰা চলাইছিল।

উল্লেখ্য যে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী মহেন্দ্ৰানন্দ অলুথগামগেৰ অভিযোগৰ ভিত্তিতে এই তদন্ত অভিযান আৰম্ভ কৰিছে।

ইফালে এই অভিযোগৰ কোনো প্ৰমাণ নোহোৱাৰ পিছতো কিয় এনেদৰে মহান মহান প্ৰাক্তন ক্ৰিকটাৰ সকলক জেৰা চলাই থকা হৈছে বুলি ইতিমধ্যে বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে, ২০১১ বিশ্বকাপৰ অধিনায়ক ছাংগাকাৰা আৰু মহান বেটছমেন মহেলা জয়বৰ্ধনে প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী ৰাকীয়ে কৰা অভিযোগৰ প্ৰমাণ বিচাৰিছিল।