NORTHEAST NOW (Assamese)
অসম

‘গাৰ্লোছাৰ অপসাৰণ লৈ মুখ্যমন্ত্ৰী সোণোৱাল নিমাত কিয়?’ : ডিমা হাছাও কংগ্রেছ

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ July 4, 2020 3:30 pm
index.jpg1

‘হত্যাৰ অভিযোগত অভিযুক্ত পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম তথা তেতিয়াৰ ডিএইচ্ছডি জুৱেল গোটৰ প্ৰাক্তন নেতা দেব’লাল গার্লোছাৰ অপসাৰণ লৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিমাত কিয় ? কিয় হত্যাৰ অভিযোগ থকা গাৰ্লছাক চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে ?’ এই অভিযোগ ডিমা হাছাও জিলা কংগ্রেছ কমিটিৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ কেম্প্ৰাইৰ।

হাফলং ৰাজীৱ ভৱনত এক সংবাদ মেল পাতি এই মন্তব্য কৰে কেম্প্ৰাইয়ে।

ডিমা হাছাও জিলাত পৰিষদীয় ৰাজনীতি লৈ বিজেপি আৰু কংগ্রেছ দলৰ মাজত আৰম্ভ হৈছে বোকা ছটিয়াৰ ৰাজনীতি। বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান চিইএম দেব’লাল গার্লোছাৰ নাম ২০০৭ চনৰ তেতিয়াৰ কংগ্রেছ নেতা তথা পৰিষদৰ চিইএম পূৰ্ণেন্দু লাংঠাচা আৰু ইএম নিন্দু লাংঠাচা হত্যাকাণ্ডৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

ডিমা হাছাও আৰক্ষীয়ে হাফলং চিজেএম আদালতত ২৪ জুন তাৰিখে দাখিল কৰা চাৰ্জশ্বীটত গাৰ্লছাৰ নাম অভিযুক্তৰ তালিকাত আছে।

কংগ্রেছ দলে ইয়াৰ আগত চিইএম দেব’লাল গার্লোছাৰ পদত্যাগৰ দাবী জনাই ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিছিল। কিন্তু এতিয়াও গাৰ্লোছা চিইএম পদত অধিষ্ঠিত হৈ আছে।

কংগ্রেছ দলৰ সংবাদ মেলৰ প্ৰত্যাহ্বান জনাই বিজেপি দলে ১ জুলাই সংবাদ মেল পাতি কৈছিল যে কংগ্রেছ দলে পাৰ্বত্য জিলাৰ সামগ্ৰিক উন্নয়নৰ হকে একো কাম কৰা নাই।

 উন্নয়ন সন্দৰ্ভত যোৱা কালি কংগ্রেছ নেতা মহেন্দ্ৰ কেম্প্ৰাই সংবাদ মেল পাতি কয় যে, ‘বিজেপি দলৰ চিইএম বা বাকী নেতাসকলে যি বিদ্যালয়ত অধ্যয়ন কৰিছে সেই বিদ্যালয় কংগ্রেছ চৰকাৰে বনাইছে। যি বাটেৰে স্বাস্থ্য কেন্দ্ৰত যাব লাগে সেই বাটটোও কংগ্রেছৰ দিনৰ। অকল এয়াই নহয় আজি তেওঁ যিখন পৰিষদৰ চিইএম সেই পৰিষদও কংগ্রেছে স্থাপন কৰিছে।’

মহেন্দ্ৰ কেম্প্ৰাইয়ে কয় আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘আমি সৎ আৰু নিষ্ঠাৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ উন্নয়নৰ হকে কাম কৰিম। শূণ্য সহনশীলতাৰ মাত মতা মুখ্যমন্ত্ৰী আজি কিয় এগৰাকী হত্যাৰ অভিযোগ থকা ব্যক্তিক পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম বনাই ৰখা হ’ল ? বিজেপিৰ ২৮ গৰাকী পৰিষদ সদস্যৰ ভিতৰত বিজেপি দলত চিইএম হোৱাৰ যোগ্য কোনেও নাই নেকি ?’

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস পাৰ্বত্য জিলাৰ বদনামৰ কাৰণেই চাগে দেব’লালৰ নিচিনা হত্যাৰ অভিযোগ থকা ব্যক্তিক চিইএম হিচাপে ৰক্ষণাবেক্ষণ দি আছে ।