NORTHEAST NOW (Assamese)
Popular Stories

কৰদাতালৈ সুখবৰ : ৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ প্ৰদানৰ দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 3:09 pm
download

দেশৰ কোটি কোটি কৰদাতাক সকাহ দি আয়কৰ বিভাগে আজি এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰে।

আয়কৰ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কৰদাতা সকলে চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্য্যন্ত আয়কৰ প্ৰদান কৰিব পাৰিব।

অৰ্থাৎ ২০১৯-২০ বৰ্ষৰ আয়কৰ প্ৰদানৰ দিন বৃদ্ধি কৰা হ’ল ৩০ নৱেম্বৰ পৰ্য্যন্ত।

দেশত সৃষ্টি হোৱা ক’ৰ’ণাতংকৰ পৰিপ্ৰেক্ষিততে আয়কৰ বিভাগে আয়কৰ প্ৰদানৰ অন্তিম সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি আয়কৰ বিভাগৰ টুইটত উল্লেখ কৰা  হৈছে।

টেক্স চাৰ্ভিছ ইনভেষ্টমেন্টৰ ক্ষেত্ৰতো আয়কৰ বিভাগে অন্তিম সময়সীমা ৩১ জুলাইলৈ বৃদ্ধি কৰিছে।একেদৰে টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখো বৃদ্ধি কৰা হৈছে বুলি আয়কৰ বিভাগৰ টুইটত কোৱা হৈছে।

টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখ ৩১ জুলাইলৈ বঢ়াই দিয়া হৈছে। কৰদাতা সকলে যাতে আয়কৰৰ সকলো তথ্য নিয়াৰিকৈ জমা দিব পাৰে তাৰ বাবে  হৈছে।টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখ ৩১ জুলাইলৈ বঢ়াই দিয়া হৈছে বুলি কোৱা হৈছে।

কৰদাতাসকলৰ সুবিধাৰ্থে আয়কৰ বিভাগে তাৰিখ বৃদ্ধি কৰাৰ লগতে টি ডি এছ চাৰ্টিফিকেট প্ৰদানৰো দিন নতুনকৈ ঘোষণা কৰিছে। সেইমৰ্মে টি ডি এছ চাৰ্টিফিকেট প্ৰদান কৰা হ’ব ১৫ আগষ্টত।