NORTHEAST NOW (Assamese)
Popular Stories

অস্কাৰৰ বিচাৰকৰূপে আমন্ত্ৰিত হৈছে তিনি প্ৰাক্তন জামিয়া ইছলিমায়ৰ শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 5:26 pm
safe_image.php

জাতি, লিংগ, নৃগোষ্ঠীয় অন্তভুৰ্ক্তি ও বৈচিত্ৰপূৰ্ণ প্ৰতিনিধিত্বৰ বাবে একাডেমি অৱ মোচন পিকচাৰ আৰ্ট এণ্ড চাইন্স(AMPAS)এ বিশ্বৰ ৬৮ দেশৰ ৮০০ গৰাকী ফিল্ম প্ৰেফেছনেল আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, একাডেমিৰ বাৰ্ষিক বঁটা সমগ্ৰ বিশ্বতে ‘অস্কাৰ এৱাৰ্ড’ৰূপে পৰিচিত।

এইবাৰ বিশ্ব ৮০০ গৰাকীৰ সৈতে ভাৰতৰ তিনিগৰাকী তথ্যচিত্ৰ নিৰ্মাতা ফিল্ম প্ৰফেচনেলকো বিচাৰক হিচাপে নিমন্ত্ৰণ জনাইছে AMPASএ।

তেওঁলোক হৈছে জামিয়া ইছলামিয়াৰ প্ৰাক্তন তিনি শিক্ষাৰ্থী নিষ্ঠা জৈন, চিৰ্লী আব্ৰাহম আৰু অমিত মাধেছীয়া।

উল্লেখ্য যে, নিষ্ঠাই ইতিমধ্যে চিটি অৱ ফ’টো(২০০৪), লক্ষ্মী এণ্ড মি(২০০৭), এট মাই দুৰষ্টেপ(২০০৯), ফেমেলি এলবাম(২০১১) আৰু গোলাপ গেং(২০১২) আদি ছবি নিৰ্মাণ কৰি উলিয়াইছে।

ইয়াৰে শেষৰখন ছবিয়ে সামাজিক সমস্যাকেন্দ্ৰিক ছবিৰ শিতানত ২০১৪ চনত নেচশ্যনল এৱাৰ্ডো লাভ কৰিছে।

ইফালে চিৰ্লী আৰু অমিতে আন্তজাৰ্তিকভাৱে প্ৰসংশিত বহুকেইটা প্ৰকল্পত কাম কৰিব।

তেওঁলোকৰ দ্বাৰা নিৰ্মিত চিনেমা ট্ৰেভেলাৰ্ছ নামৰ তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অফিচেয়ল চিলেকশ্যন হিচাপে প্ৰিমিয়াৰ শ্ব’ লাভ কৰিছিল। এই ছবিখেন ১৯ টাকৈ পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছে।

তিনিও গৰাকী ফিল্ম প্ৰেফেছনেলে অস্কাৰৰ বিচাৰকৰূপে ভাৰতক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিছে।

উল্লেখ্য যে, ভাৰতৰ পৰা অস্কাৰৰ এই সন্মান লাভ কৰা প্ৰথমকেইগৰাকী ফিল্ম প্ৰেফেছনেল হিচাপে তেওঁলোকে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।