NORTHEAST NOW (Assamese)
Popular Stories

নেডাৰলেন্ডৰ ৰেডলাইট এৰিয়ালৈ উভতি আহিছে প্ৰাণ চঞ্চলতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 7:50 pm
amsterdam-red-light-distr

বেলি লহিওৱাৰ পিছতেই প্ৰাণ চঞ্চল হৈ পৰা নেডাৰলেন্ডৰ ৰেড লাইট এৰিয়া সমূহ বিগত প্ৰায় তিনি মাহ ধৰি নিৰৱ- নিতাল হৈ আছিল।

নিতৌ শ শ মানুহৰ সমাগম ঘটা ৰেড লাইট এৰিয়া সমূহত বিগত কিছুদিনত এজনো বাহিৰা লোকে প্ৰৱেশ কৰা নাছিল।মহামাৰী ক’ৰ’ণাই সংকট নমাই আনিছিল ৰেড লাইট এৰিয়াৰ যৌন কৰ্মী সকলৰ জীৱন- জীৱিকালৈ।

ৰেড লাইট এৰিয়াৰ বন্ধ কোঠাৰ ভিতৰত সেয়ে অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি হতাশাত ভাগি পৰিছিল যৌন কৰ্মী সকল।

কিন্তু এতিয়া তেওঁলোকৰ মুখলৈ হাঁহি উভতি আহিছে।

কাৰণ নেডাৰলেন্ডৰ চৰকাৰে দেশখনৰ আমষ্টাৰ্ডামত থকা ৰেড লাইট এৰিয়া সমূহ খোলাৰ নিৰ্দেশ দিছে।মাৰ্চ মাহৰ মাজ ভাগৰ পৰা বন্ধ হৈ থকা ৰেড লাইট এৰিয়া সমূহ ছেপ্তেম্বৰ মাহলৈ বন্ধ ৰখাৰ কথা আছিল যদিও দেশখনৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে পতিতালয় সমূহ খুলি দিয়াৰ নিৰ্দেশ দিছে।

অৱশ্যে কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰেহে পতিতালয় বোৰ খোলা হ’ব।নিয়ম অনুসৰি গ্ৰাহকৰ সৈতে যৌন কৰ্মী সকলে কৰমৰ্দন অথবা চুম্বন কৰিব নোৱাৰিব।

নেডাৰলেন্ডত ২০০০ চনৰ পৰাই পতিতাবৃত্তিক বৈধ ঘোষণা কৰা হৈছে।চৰকাৰৰ সিদ্ধান্তই প্ৰায় ৭০০০ যৌনকৰ্মীৰ মুখত হাঁহি বিৰিঙাইছে।