NORTHEAST NOW (Assamese)
Popular Stories

ৰাজভৱনত ক’ৰ’ণাতংক : ঘোষণা কৰা হ’ল কনটেইনমেন্ট জ’ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 9:16 pm
download (2)

ক’ৰ’ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰুপ ধাৰণ কৰা গুৱাহাটীত ক’ৰ’ণাতংকৰ পৰা সাৰি যোৱা নাই উচ্চ সুৰক্ষা ব্যৱস্থাৰে পৰিবেষ্টিত ৰাজভৱনো।

ৰাজভৱনত দুজনকৈ ক’ৰ’ণা ৰোগী চিনাক্ত হোৱাৰ পিছত শনিবাৰে ৰাজভৱন চৌহদৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল কনটেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয়।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা অনুসৰি যোৱা ১ জুলাইত ৰাজ্যপাল জগদীশ মুখী, তেওঁৰ পত্নী প্ৰেমা মুখী, ৰাজভৱনৰ ১৭৬ গৰাকী কৰ্মচাৰীৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল।

তেওঁলোকৰ মাজৰে দুগৰাকী নিৰাপত্তা কৰ্মীৰ ক’ৰ’ণা ভাইৰাছ পজিটিভ অহাত সমগ্ৰ ৰাজভৱন এলেকাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল কনটেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয় ।

জনসাধাৰণৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি এনে ব্যৱস্থা হাতত লোৱা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে পৰৱতী জাননী নিদিয়া পৰ্যন্ত কোনো অকৰ্তৃত্বশীল লোক অথবা বাহন এই এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব।