NORTHEAST NOW (Assamese)
অসম

আছুৰ নেতৃত্বত ওলাই আহিল বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ৰাইজ; তলা লগোৱাৰ হুংকাৰ

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা July 6, 2020 6:47 am
Screenshot_2020-07-05-21-52-27-628_com.mxtech.videoplayer.ad

আহাৰ মহীয়া উৎকট গৰমে শৰীৰ দেই নিয়া সময়তে তীব্ৰ বিদ্যুৎ সংকটত ভুগিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চল ৷

বিগত প্ৰায় দহ দিনে বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰি তুলিছে কৃষ্ণাইৰ জনসাধাৰণক।

অৱশেষত দেওবাৰে কৃষ্ণাই আছুৰ নেতৃত্বত আমছু, ছাত্ৰ মুক্তি আৰু স্থানীয় ৰাইজৰ এক বিশাল দলে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

আছুৱে তীব্ৰ বিষেদাগাৰ প্ৰকাশ কৰি অতি শীঘ্ৰে কৃষ্ণাই অঞ্চলৰ বিদ্যুতৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷

অন্যথা আছু তথা অন্যান্য সংগঠনকেইটাই বিদ্যুৎ বিভাগৰ কৃষ্ণাইস্থিত নিয়ন্ত্ৰণ কক্ষত তলা লগোৱাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে কৃষ্ণাইৰ টেক্সাৰত থকা ২৫০০ কিলোৱাটছৰ ট্ৰেন্সফৰ্মাৰ এটা বিগত দহ দিন পূৰ্বে বজ্ৰপাতৰ ফলত বিকল হৈ পৰাৰ ফলত অঞ্চলটোত এনেদৰে বিদ্যুতৰ নাটনিয়ে দেখা দিছে ৷

পিচে, জিলা বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ গা এৰা দিয়া মনোভাৱৰ বাবে আজিকোপতি ট্ৰেন্সফৰ্মাৰটো কাৰ্যক্ষম হৈ উঠা নাই।