NORTHEAST NOW (Assamese)
Popular Stories

কলিয়াবৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ বন্ধ কৰিলে ৰাইজে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 7:32 pm
dc-Cover-qa9sr

কলিয়াবৰত নিৰ্মীয়মাণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত মঙলবাৰে বাধা প্ৰদান কৰে স্থানীয় ৰাইজে।

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে পথৰ নিৰ্মাণ বন্ধ কৰে।

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি পথ নিৰ্মাণৰ সৈতে জৰিত গেমন আৰু ছিমপ্লেক্সে নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে।

এই ক্ষেত্ৰত নেছনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকছাৰ ক’ৰ্পৰেছনে বিশেষ কোনো গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে।

প্ৰতিবাদী ৰাইজে চাৰিলেনযুক্তৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ তদন্ত নোহোৱা পৰ্যন্ত ৰাইজ ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য কলিয়াবৰত নিৰ্মীয়মাণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি বহুতে অভিযোগ কৰি আহিছে যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠি আহিছে।