NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ক’ভিড মুক্ত ৪৪৭, সক্ৰিয় ৰোগী ৪১৭৬

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 9:28 pm
8329 persons cured of COVID-19 in Assam

৪৪৭গৰাকী ব্যক্তি অসমত নতুনকৈ ক’ভিড মুক্ত হৈছে।

ইয়াৰে ৩৮৮গৰাকীক মঙলবাৰে আৰু ৫৯গৰাকীক সোমবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকল ব্যক্তিক লৈ অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৮৩২৯গৰাকী।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭৬গৰাকী।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ১২৫২২গৰাকী।

ইয়াৰে এতিয়ালৈকে ১৪গৰাকী ক’ভিডত মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।