NORTHEAST NOW (Assamese)
অসম

১১৭ দিনৰ মূৰত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 10:26 am

১১৭ দিনৰ অন্তহীন অপেক্ষাৰ পিছত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট। মহামাৰী ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বাবেই দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ক্ৰিকেট।

আজিৰ পৰা ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আৰম্ভ হ’ব টেষ্ট শৃংখলা। ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি শূন্য যদিও এই শৃংখলাটো যথেষ্ট সংখ্যক ক্ৰিকেট অনুৰাগীয়ে টিবিত চাবলৈ অপেক্ষা কৰি আছে।

ছাউথেম্পটন খেলিবলগীয়া মেচখন ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

আনহাতে শংখলাৰ দ্বিতীয় আৰু তৃতীয় টেষ্টখন ক্ৰমে অ’ল্ড ট্ৰেফ’ৰ্ড আৰু মানচেষ্টাৰত অনুষ্ঠিত হ’ব।

মহামাৰী ক’ৰ’নাৰ প্ৰতি লক্ষ্য ৰাখি আই চি চিয়ে ক্ৰিকেটৰ কেইবাটাও নিয়ম সলনি কৰিছে। আজি প্ৰথমবাৰৰ বাবে সংশোধিত নিয়মৰ মাজেৰে ক্ৰিকেট মেচ খেলা হ’ব।

উল্লেখ্য যে সংশোধিত নিয়ম অনুসাৰি এতিয়াৰে পৰা বলাৰ সকলে বল চাইন কৰাৰ বাবে থু লগাব নোৱাৰিব। মেচৰ মাজে মাজে চেনিটাইজেশ্যন ব্ৰেক লোৱাও হ’ব।

ক্ৰিকেটাৰ সকলে ইজনে সিজন সা-সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে, হেণ্ডশ্বেক কৰিব নোৱাৰৰ উপৰি ষ্টেডিয়ামত কোনো বল বয় নাথাকে।

জানিব পৰা মতে খেলুৱৈসকলক সপ্তাহত দুবাৰকৈ ক’ৰ’নাৰ টেষ্ট কৰা হ’ব।