NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী ক’ৰ’না পজিটিভ বুলি মিছা বাতৰি প্ৰকাশৰ অভিযোগত তেলেংগানাত তিনিগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 1:53 pm

ক’ৰ’না ভাইৰাছৰ সন্দৰ্ভত মিছা বাতৰি প্ৰকাশ কৰাৰ দোষত তেলেংগানাত তিনিগৰাকী সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিওগৰাকী সাংবাদিকে তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ক’ৰ’না আক্ৰান্ত হৈছে বুলি স্থানীয় সংবাদমাধ্যমত বাতৰি প্ৰকাশ কৰিছিল।

মিছা বাতৰি প্ৰকাশ কৰা বাবে আৰক্ষীয়ে সাংবাদিক তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ বিপৰীতে গ্ৰেপ্তাৰ হোৱা সাংবাদিক তিনিও গৰাকীয়ে এয়া তেওঁলোকৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ বুলি কয়।

তেলেংগানৰ কৰ্তব্যৰত সাংবাদিক সংস্থাই সমগ্ৰ ঘটনাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে আৰু সাংবাদিক কেইজনে নিৰ্দোষী হ’লে শীৰ্ঘেই মুকলি কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে।

উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক’ৰ’না সম্বন্ধে মিছা বাতৰি প্ৰকাশ নকৰিবলৈ বাৰে বাবে সংবাদ মাধ্যমক আহ্বান জনাই অহাৰ পাছতে কিছুমান ভিত্তিহীন বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা দেখা গৈছে।