NORTHEAST NOW (Assamese)
অসম

বিদ্যালয় পুনৰ নোখলা পৰ্যন্ত ব্যাক্তিগত খণ্ডৰ বিদ্যালয় সমূহক মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ ৰাজস্থান চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 2:28 pm

বিদ্যালয় সমূহ পুনৰ নোখোলা পৰ্যন্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক ছাত্ৰ-ছাত্ৰীৰ মাহিলী মাচুল সংগ্ৰহ নকৰিবৰ বাবে নিৰ্দেশ দিছে ৰাজস্থান চৰকাৰে।

মঙলবাৰে ৰাজস্থান চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক এই নিৰ্দেশ দিয়ে।

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰাকে বিগত ৯  এপ্ৰিলৰ পৰা তিনিমাহ পৰ্যন্ত ছাত্ৰ-ছাত্ৰী সকলৰ মাচুল সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিছিল।

”এতিয়া তিনিমাহ নহয় বিদ্যালয় সমূহ নোখোলা পৰ্যন্ত ব্যাক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীৰ মাচুল সংগ্ৰহ নকৰিব,” ৰাজস্থানৰ শিক্ষা মন্ত্ৰী গোবিন্দ সিং দোতাচাৰাই এইদৰে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয় সমূহ বন্ধ হৈ আছে।

অসমতো প্ৰথম পৰ্যায়ৰ ল’কডাউনৰ পূৰ্বৰে পৰা বিদ্যালয় সমূহ বন্ধ হৈ আছে।

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চি বি এছ ইয়ে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয়ৰ পাঠ্যক্ৰম সমূহ ৩০ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে মঙলবাৰে এই কথা ঘোষণা কৰে।