NORTHEAST NOW (Assamese)
অসম

কোভিড টেষ্টৰ নামত কি বেপাৰ আৰম্ভ হৈ গৈছে আপুনি জ্ঞাতনে মহাশয়? : অভিজিত শৰ্মাৰ প্ৰশ্ন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 8, 2020 5:12 pm
index.jpg11

অসমৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বহুকেইটা স্পৰ্শকাতৰ বিষয় সামৰি এখন চিঠি লিখিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে।

যিখন চিঠিয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে বিভিন্ন মহলত।

কিছুমান উত্তৰ মন্ত্ৰীৰ পৰা বিচাৰি লিখা চিঠিখনৰ কিছু মূল অংশ বাতৰিৰ মাধ্যমৰে পাঠক ৰাইজৰ ওচৰত দাঙি ধৰিছো।

প্ৰথমে দুয়ো লিখিছে “সাম্প্ৰতিক সময়ত স্বাস্থ্য মন্ত্রী হিচাপে আপুনি যি তৎপৰতাৰে সময়ৰ মোকাবিলা কৰিছে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। আমি এইবাবে আপোনাৰ ওচৰত বেছি কৃতজ্ঞ যে জাত পাতৰ ৰাজনীতিৰ যি কাৰুণ্যতাৰে সহজ সময়ত দেশখন পৰিচালিত হয় সেই মানসিকতাক সাত যোজন আঁতৰত ৰাখি আপুনি যুঁজৰ নেতৃত্ব দিছে।”

“তবলিগি জামাতীৰ সতে আৰম্ভ হোৱা অসমৰ ক’ৰ’ণা যুদ্ধত এবাৰো আপুনি সচৰাচৰ ব্যৱহাৰ কৰা “জিন্না” শব্দ ব্যৱহাৰ নকৰি সমদৃষ্টিৰে বা তাতোকৈ অলপ বেছিকৈহে আতিথ্য দি ক’ৰ’ণাক্রান্ত জামাতীসকলক চিকিৎসাৰ ব্যৱস্থা কৰালে। ইয়াৰ বাবে আমি কৃতাৰ্থ।” পত্ৰত উল্লেখ।

তদুপৰি, স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে এটা দশক হিমন্তই অসম চলালে বুলি উল্লেখ কৰি তেওঁ আৰু লিখি কয়,  “আমি কেতিয়াও নাভাবো যে আপুনি চমকৰ পাছত দৌৰা এজন মানুহ। কিন্তু কোভিডৰ আৰম্ভণি কালত অসমৰ স্বাস্থ্য খণ্ডৰ আচল শক্তি যেতিয়া আপুনি নিজ মুখেই বেকত কৰিলে তেতিয়া ভাবিবলৈ বাধ্য হলো সচাকৈ এয়া আপুনিয়েই কৈছেনে?”

“তাতোকৈ আচৰিত হ’লো কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰ কিছু আই এ এছ বিষয়াই চলোৱা এটি সমীক্ষাত প্রকাশ পালে যে ডিমা হাচাওকে আদি কৰি অসমৰ কেইখনমান জিলাত আই চি ইউ বোলা বস্তুটো নায়েই,  নাই পৰ্যাপ্ত পৰিমাণে বিচনাৰ ব্যৱস্থা। প্ৰতিবেদনখন দেখি এনে লাগিছে কথাবোৰ মিছা!  কিন্তু,  প্ৰকৃততেই মিছানে?” সভাপতি সম্পাদকৰ প্ৰশ্ন।

তেওঁলোকে আৰু কয় “মহাশয়; কোভিডৰ বিৰূদ্ধে আপুনি বিৰামবিহীন যুঁজ দিছে। আমি আপোনাৰ হাতত সুৰক্ষিত অনুভৱ কৰিছো। কিন্তু,  অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই মুহূৰ্তত চিকিৎসাৰ নামত কি বেপাৰ চলিছে সেইটো স্বাস্থ্য মন্ত্রী হিচাপে আপোনাকেই অৱগত কৰিব নালাগিবনে?”

ইপিনে, ক’ৰ’ণাৰ ভয়ত মহাশয় এতিয়া যেন কেঞ্চৰ, বৃক্ক, যকৃতৰ বিভিন্ন ৰোগ  নাইকীয়া হৈ গ’ল বুলি উল্লেখ কৰি তেওঁলোকে লগতে কয় “কোভিড টেষ্টৰ বেপাৰখনহে এতিয়া মূখ্য হল। কোভিড টেষ্টৰ নামত কি বেপাৰ আৰম্ভ হৈ গৈছে আপুনি জ্ঞাতনে মহাশয়?  যদিহে জ্ঞাত হৈও ব্যৱস্থা লোৱা নাই তেন্তে আপোনাৰ কর্তব্যকলৈ এটি প্রশ্ন নুঠিবনে? আৰু যদি আপুনি অজ্ঞাত তেন্তে মহাশয় আমি দুৰ্ভগীয়া নহয়নে?”

তেনে এটা উদাহৰণ দাঙি ধৰি তেওঁলোকে কয় “মহাশয় আপুনি শুনি দুখ পাব এগৰাকী আপোনাৰ আইৰ বয়সৰ মাতৃৰ, যাৰ দুই এদিনতে আদ্যশ্রাদ্ধ,  কেঞ্চাৰৰ সতে যুঁজি যুঁজি যি ঢুকাল। এসপ্তাহত চাৰিখন মেডিকেলে তেওঁৰ চাৰিবাৰ কোভিড পৰীক্ষা কৰিলে,  পি পি ই কীটৰ পৰা এন ৯৫ মাক্সলৈ প্ৰায় এসপ্তাহত ইতিমধ্যেই দেউলীয়া পৰিয়ালটোৰ পৰা অতিৰিক্ত এক লাখ টকা সৰকালে আৰু এসপ্তাহ পাচতেই তেওঁ মৃত্যু মুখত পৰিল, এয়া ন্যায় হল জানো মহাশয়।”

“ক’ৰ’ণাৰ ভয়ত চিকিৎসালয়লৈ নহা বহু কর্কট ৰোগীৰ ষ্টেজ ১ পাৰ হৈ অচিৰেই এনেকুৱা ষ্টেজলৈ আহিব য’ৰ পৰা জীৱন অসম্ভৱ। মহাশয়,  ক’ৰ’ণাৰ বাবে বাকী সকলো চিকিৎসা বাধাগ্ৰস্ত হোৱাৰ বাবে মানুহক ক’ৰ’ণাৰ পৰা বচোৱাৰ নামত অন্য ৰোগত মৃত্যু হ’বৰ বাবে এৰি দিয়াৰ নিচিনা হোৱা নাইনে?” পত্ৰত উল্লেখ।

ইয়াৰোপৰি, মন্ত্ৰীগৰাকীৰ উত্তৰটো “এই মুহূৰ্তত মই কি কৰিম” এনে ধৰণৰ হ’ব নালাগে বুলি উল্লেখ কৰি লগতে কয় “আপুনি নিজকে ইতিমধ্যেই অনন্য বুলি প্ৰমাণ কৰি থৈছে। ৰাজনীতিৰ কিমান নিমিলা অংক আপুনি মিলাই থৈছে আমি জনা বুজা হোৱাৰে পৰা দেখিছো।  গতিকে আমি নাভাবো আপুনি এই প্ৰশ্নটো আওকাণ কৰিব।”

অন্য এক বিষয় উত্থাপন কৰি তেওঁলোকে কয় “আপুনি অসমৰ শিক্ষামন্ত্ৰীও। মহাশয়, এটা প্রশ্ন শুনকচোন- যদি কোনোবা এজন মানুহে আপোনাৰ আৰোগ্য নিধিত এক কৌটি টকা দান দিয়ে তেওঁ তাৰ প্রতিদানস্বৰূপে যি ইচ্ছা তাকেই কৰাৰ লাইচেন্স প্ৰাপ্ত হয় নেকি?  যদি নহয় কোভিডৰ এই সংকটকালত যত অভিভাৱক সকল যোৱা চাৰিমাহে মন্দাবস্থাত চলি আছে,  অনলাইনত ক্লাচ চলাইও  কেনেকৈ মালিকপক্ষই একেকোবে ২০২১ ৰ জুন মাহলৈ “হোষ্টেল” ফী পৰ্যন্ত আগতীয়াকৈ দাবী কৰি ছাত্র ছাত্ৰীলৈ নটিচ দিব পাৰে।  দেশ কত যায় তাৰ ঠিক নাই,  মানুহে চব আশা বাদ দি জীয়াই থকাৰ সংগ্ৰামত ব্ৰতী হোৱা সময়ত এবছৰৰ হোষ্টেল মাচুল আগতীয়াকৈ দিবলৈ আদেশ দিবলৈ গুৱাহাটীৰ এখন তথাকথিত গ্লোবেল বিশ্ববিদ্যালয়ে সাহ কত পালে?  মহাশয় স্বাস্থ্যৰ লগতে আপুনি শিক্ষামন্ত্ৰীও, গতিকে এই প্রশ্ন আপোনাক সোধাটো অপৰাধ হ’ব নোৱাৰে নিশ্চয়। এইবোৰ বিষয় গম লৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰাটো বোধহয়  ভুল হোৱা নাই?”

তেওঁলোকে লগতে লিখি কয়  “আপুনি ৰাজ্যৰ বিত্তমন্ত্রীও, গতিকে আপুনি সম্পূৰ্ণ বিশ্বাস কৰেনে যে লকডাউনৰ পাচত লকডাউনেই ক’ৰ’ণা যুদ্ধ জয়ৰ একমাত্র উপায়?  বিত্ত মন্ত্ৰী হিচাপে আপুনি কথাষাৰ ভাবিব।  ভাগি পৰা অর্থনীতি,  সৰু বৰ সকলো ব্যৱসায়ীৰ কঁকাল ভাগি যোৱা অৱস্থা,  হতাশগ্রস্ত মন এনেকৈ যুঁজখনত বাৰু আমি জিকিলোৱেই তাৰ পাচত কিমান ভয়ানক যুজ দিব লাগিব বিত্তমন্ত্রী হিচাপে আপুনি চিন্তা কৰি চাইছেনে? মাহে ৰেচনৰ নামত দিয়া জনে প্রতি পাঁচকিলো চাউল এই সমস্যাৰ সমাধান হব নোৱাৰে।  ছুইডেনৰ নিচিনা দেশৰ কোভিড যুঁজ যি ৰণকৌশল তাক আমি আদৰণি জনাব নোৱাৰোনে? আমি জানো এখন ৰাজ্যৰ এজন মন্ত্ৰী হিচাপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আপুনি পালন কৰিবই লাগিব। কিন্তু দেশখনৰ বাকী থকা অক্সিজেন খিনি বচাবলৈ আপুনি ইচ্ছা কৰিলে কেন্দ্রৰ লগত আলোচনা কৰিব পাৰে আৰু আমি ভাবো একমাত্র আপোনাৰ বাবেহে ই সম্ভৱ কিয়নো, আপুনি ” হিমন্ত বিশ্ব শর্মা” !”