NORTHEAST NOW (Assamese)
অসম

কামৰূপ (মহানগৰ) আৰু শিৱসাগৰ জিলাৰ মাজত যাত্ৰাত নিষেধা়জ্ঞা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 8, 2020 5:39 pm
1216 persons cured of COVID-19 in Assam on Tuesday

কামৰূপ (মহানগৰ) জিলাত সম্পূৰ্ণ তলাবন্ধ দিয়াৰ পাছতো বৃহৎসংখ্যক লোকৰ দেহত ক’ভিড-১৯ পজিটিভৰ লক্ষণ দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি তথা শিৱসাগৰ জিলাত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি লক্ষ্মীনন্দন গগৈয়ে ৭ জুলাই তাৰিখে জাৰি কৰা এক আদেশ যোগে কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আৰু শিৱসাগৰ জিলাৰ পৰা কামৰূপ (মহানগৰ)লৈ যাত্ৰাত নিষেধা়জ্ঞা আৰোপ কৰিছে।

এই আদেশ জনসাধাৰণৰ স্বাস্থ্য, স্বাস্থ্যবিধি, নিৰাপত্তা আৰু ক’ভিডৰ গণসংক্ৰমণ ৰোধৰ স্বাৰ্থত বলৱৎ কৰা হৈছে।

এই আদেশমৰ্মে বিভাগীয় মুৰব্বীসকলক নিজ নিজ বিভাগৰ বিষয়া বা কৰ্মচাৰী কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আৰু শিৱসাগৰ জিলাৰ পৰা কামৰূপ (মহানগৰ) লৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতে যাত্ৰা নকৰে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে, অতি জৰুৰী বিষয়ত কামৰূপ (মহানগৰ)ৰ পৰা শিৱসাগৰ জিলালৈ আহ-যাহ কৰিব লগা হ’লে সংশ্লিষ্ট ব্যক্তিসকলে জিলাখন নিৰ্দিষ্ট কৰি দিয়া স্থানত স্ক্ৰীনিং/স্বাৱ পৰীক্ষা কৰাৰ পাছত কঠোৰ গৃহ পৃথকীকৰণত থাকিব লাগিব বুলিও এই আদেশত উল্লেখ কৰা হৈছে।

এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বলৱৎ হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।

উল্লেখযোগ্য যে শিৱসাগৰৰ উপৰি অসমৰ আন কেইবাখনো জিলা আৰু কামৰূপ মহানগৰৰ মাজত ভ্ৰমণ ইতিমধ্যে নিষিদ্ধ কৰা হৈছে।