NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত ড্ৰাগছ সৰবৰাহকাৰী আটক, নিচাযুক্ত বটল জব্দ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা July 8, 2020 6:30 pm
Two drug peddlers arrested in Nagaon's Puranigudam

পুৰণিগুদাম আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ লগতে বহুসংখ্যক নিচাযুক্ত বটল জব্দ কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত আটক হোৱা সৰবৰাহকাৰী দুজন হ’ল পুৰণিগুদাম ন-আলিমূৰৰ মঃ আল্লাউদ্দিন আহমেদ আৰু নগাঁৱৰ মধুপুৰৰ ৰফিকুল ইছলাম।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত আল্লাউদ্দিনৰ ঘৰৰ পৰা তিনি শতাধিক কফ চিৰাপৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে সদৰী কৰা মতে জব্দ কৰা নিচাযুক্ত বটলসমূহৰ মূল্য আনুমানিক পঞ্চাশ হাজাৰ টকা হ’ব।

অভিযানকাৰী পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িত থকা এটা অসাধু চক্ৰই নগাঁৱৰ বিভিন্ন স্থানত সক্ৰিয় হৈ অবাধ বেহা চলাই থকাৰ খবৰ পাইছিল আৰক্ষীয়ে।

এই খবৰৰ ভিত্তিতে ধৃত সৰবৰাহকাৰী কেইজনক কৰায়ত্ত কৰিবৰ বাবে এক সুপৰিকল্পিত অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে।

পৰৱৰ্তী সময়তো পুৰণিগুদামৰ বিভিন্ন স্থানত নতুনকৈ শিপাবলৈ ধৰা বিভিন্ন অসাধু চক্ৰ সমূহক উৎখাত কৰিবলৈ ধাৰাবাহিকভাৱে অভিযান চলাই যোৱাৰ বিষয়ে আৰক্ষীয়ে আশ্বাস প্ৰদান কৰে।