NORTHEAST NOW (Assamese)
অসম

চৰকাৰী পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ দ্বিবার্ষিক অধিৱেশন সম্পন্ন; নতুন সমিতি গঠন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 9, 2020 2:12 pm

চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ বোকাখাত শাখাৰ দ্বিবার্ষিক অধিৱেশন আজি বোকাখাতৰ নিজা কাৰ্য্যালয় প্ৰাংগনত সামাজিক দূৰত্ব মানি অনুষ্ঠিত হয়। দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সন্থাৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসো পালন কৰে৷ 

এই উপলক্ষে আজি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি বুধিৰাম শইকীয়াই। স্মৃতি তৰ্পন কৰে উপদেষ্টা চৈয়দ আনিচুৰ ৰহমান আৰু খগেশ্বৰ শইকীয়াই। বৃক্ষ ৰোপন কৰে ৰবীন বৰুৱা আৰু গনেশ ছেত্ৰীয়ে।

অধিবেশনৰ বিষয় বাচনি সভাত পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ পুৰনি সমিতি ভংগ কৰি বুধিৰাম শইকীয়াক সভাপতি, ৰেবকান্ত হাজৰিকাক উপ সভাপতি, ৰবীন বৰুৱাক সম্পাদক, মন্টু বৰা, গনেশ ছেত্ৰীক সহকাৰী সম্পাদক হিচাবে লৈ ১৭ জনীয়া নতুন সমিতি গঠন হয়।

অনুষ্ঠানত প্ৰদীপ খাউণ্ডে  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ উপৰিও বিগত কাৰ্যকালৰ আয় ব্যয়ৰ হিচাপো সভাত দাখিল কৰে।

বুধিৰাম শইকীয়াৰ সভাপতিত্বত হোৱা মুকলি সভাত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।