NORTHEAST NOW (Assamese)
অসম

ক’ভিড আক্ৰান্ত নহয় অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 9, 2020 10:55 pm
Akhil Gogoi case: Hearing begins in Gauhati High Court

সত্য প্ৰমাণিত হ’ল নৰ্থ ইষ্ট নাওৰ বাতৰি। অখিল গগৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা নাই।

জেইল কৰ্তৃপক্ষৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

তেওঁৰ প্ৰথম এন্টিজেন টেষ্টত নিগেটিভ অহাৰ পাছত ৰেণ্ডম টেষ্টৰ বাবে নমুনা লেবলৈ প্ৰেৰণ কৰা হৈছিল।

সেই ফলাফলো নিগেটিভ অহা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

তেওঁৰ লগতে মানস কোঁৱৰৰো ক’ভিড ৰিজাল্ট নিগেটিভ অহা বুলি জানিব পৰা গৈছে।

জেল কৰ্তৃপক্ষই জনোৱা মতে অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান স্বাভাৱিক।

লগতে পঢ়ক–  কৃষক নেতা অখিল গগৈৰ ক’ভিড-১৯ পজিটিভ!; মিছা আখ্যা জেইল কৰ্তৃপক্ষৰ

অৱশ্যে, কালি কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। তেওঁলোক এতিয়া GMCHত চিকিৎসাধীন হৈ আছে।

আদালতে চাৰিওগৰাকী নেতাৰ ক’ভিড পৰীক্ষাৰ বাবে জেইল কৰ্তৃপক্ষক নিৰ্দেশনা দিছিল।