NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ বাসগৃহত কংগ্ৰেছী বিধায়ক নুৰুল হুদা; ল’লে অসুস্থ মাতৃৰ খবৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 10, 2020 4:36 pm

যোৰহাট জিলাৰ চেলেংহাট লুখুৰাখন স্থিত কৃষক নেতা অখিল গগৈৰ ঘৰত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা আজি উপস্থিত হৈ নেতাগৰাকীৰ অসুস্থ মাতৃৰ স্বাস্থ্যৰ বুজ লয়।

নুৰুল হুদাই অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলৈ আৰ্থিক সাহায্য আগবঢ়ায়।

বিধায়কগৰাকীয়ে তেওঁলোকৰ দলে অখিল গগৈৰ মুক্তি প্ৰদানৰ ক্ষেত্ৰত ন্যায়িকভাৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও কৃষক নেতা গৰাকীৰ মাতৃক আশ্বাস দিয়ে।

উল্লেখযোগ্য যে, কৃষক নেতাগৰাকীৰ ঘৰৰ পৰাই অসমৰ মুখ্য মন্ত্ৰীক মাতৃৰ মৰ্ম বেদনা অনুভৱ কৰি অনতি পলমে অখিল গগৈক মুক্তি দিবলৈ আহ্বান জনায় ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই l

বিগত ‘কা’ বিৰোধী আন্দোলনৰ সময়ৰ পৰাই অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে।

আনহাতে, কাৰাগাৰৰ ভিতৰতে অখিল গগৈৰ দুই সতীৰ্থ ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱাল কোভিড-১৯ প’জিটিভ হোৱাৰ পাছত অখিল গগৈৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন হৈছে।

বৃহস্পতিবাৰে আন এগৰাকী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক গুপ্ত হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও বিস্ফোৰক মন্তব্য আগবঢ়াইছিল।