NORTHEAST NOW (Assamese)
অসম

পুনৰ এগৰাকী তামিলনাডুৰ মন্ত্ৰী কোভিড-১৯ প’জিটিভ; মুঠ ১১ গৰাকী বিধায়ক ক’ৰ’না আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 4:54 pm

পুনৰ এগৰাকী তামিলনাডু চৰকাৰৰ মন্ত্ৰী ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

শেহতীয়াভাৱে ক’ৰ’না আক্ৰান্ত হোৱা তামিলনাডুৰ মন্ত্ৰী গৰাকী হৈছে কে ৰাজু।

ক’ৰ’নাৰ পৰীক্ষাত শুকুৰবাৰে কে ৰাজুৰ ফলাফল প’জিটিভ আহে।

জানিব পৰা মতে, কে ৰাজুক তামিলনাডুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

কে ৰাজু হৈছে ক’ৰ’না আক্ৰান্ত হোৱা তামিলনাডুৰ তৃতীয় গৰাকী মন্ত্ৰী।

ইয়াৰ পূৰ্বে বিদ্যুৎ মন্ত্ৰী পি থাংগামানি আৰু উচ্চ শিক্ষা মন্ত্ৰী কে পি আনবাজঘান ক’ৰ’না প’জিটিভ হৈছিল।

আনহাতে, কিছুদিন পূৰ্বে তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী তথা এ আই এ ডি এম কেৰ কাৰ্য্যবাহী সদস্য বি বালাৰমথীৰ কোভিডৰ পৰীক্ষাৰ ফলাফল প’জিটিভ আহিছিল।

এ আই এ ডি এম কেৰ বিধায়ক কে পালানি, আম্মান কে অৰ্জুনা, এন চাথান প্ৰভাকৰ আৰু আৰ কুমাৰাগুৰুৰো ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল প’জিটিভ আহিছিল।

তদুপৰি, ডি এম কেৰ বিধায়ক কে এছ মাচথান, আৰ টি আৰাচু, ভাসানাথম কে কাৰ্তিকেয়ন আৰু জে আনবাজঘান ক’ৰ’না আক্ৰান্ত হয়।

বৰ্তমানলৈ তামিলনাডুৰ মুঠ ১১ গৰাকী বিধায়ক ক’ৰ’না প’জিটিভ হৈছে।