NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ হত্যাত জৰিত ডাউদ ইব্ৰাহিম!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 9:20 am
sushant_singh_rajput_505

 

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আজিও ভেদ হোৱা নাই। অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল তাকে লৈ এতিয়াও বহুতৰে মনত খুদুৱনিৰ সৃষ্টি হৈ আছে।

ইয়াৰ মাজতে ৰ’ অৰ্থাৎ ৰিছাৰ্চ এনালাইটিকেল  উইঙছৰ এগৰাকী প্ৰাক্তন বিষয়াই অভিনেতা গৰাকীৰ মৃত্যু সন্দৰ্ভত কৰা শেহতীয়া মন্তব্যই বিষয়টোক আৰু ৰহস্যৰ মাজলৈ ঠেলি দিছে।

ৰ’ৰ প্ৰাক্তন বিষয়া এন কে ছুডে শেহতীয়াকৈ প্ৰকাশ কৰা এক ভিডিঅ’ত এই বুলি কৈছে যে সুশান্ত সিং ৰাজপুতে আত্নহত্যা কৰা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰা হৈছিল।

ছুডে তেওংৰ ভিডিঅ’টোত কৈছে যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনলৈ ভাবুকি আহিছিল আন্ধাৰ জগতৰ ডন ডাউড ইব্ৰাহিমৰ পৰা।

ডাউড যদিও মুম্বাইত নাথাকে তথাপি বাহিৰৰ পৰাই তেওঁ মুম্বাই আৰু বলীউডত নিজৰ আধিপত্য বাহাল ৰাখিবলৈ সক্ষম হৈছে।

সুশান্ত সিং ৰাজপুতক ডাউডে বহুবাৰ টেলিফোনত হত্যাৰ ভাবুকি দিয়া বুলি ৰ’ৰ বিষয়া গৰাকীয়ে ভিডিঅ’টোত প্ৰকাশ কৰিছে ।

তেওঁ কৈছে যে ৰাজপুতৰ জীৱনলৈ অহা ভাবুকিৰ বাবেই তেওঁ ৫০ বাৰ মান মোবাইল ফোনৰ ছীম সলনি কৰিছিল।

ডাউড ইব্ৰাহিমে সুশান্তক হত্যা কৰিব বুলি দিয়া ভাবুকিৰ বিষয়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী, সুশান্তৰ বন্ধু সন্দীপ সিং আৰু তেওঁৰ লগুৱাজন অৱগত আছিল বুলিও ছুডে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

হত্যাৰ আগে আগে সুশান্তৰ ঘৰৰ চিচিটিভি বোৰ বন্ধ কৰি দিয়া হৈছিল ।

ড়াউডে প্ৰফেছনেল কিলাৰৰ দ্বাৰা সুশান্তক হত্যা কৰা বুলি ৰ’ৰ বিষয়া গৰাকীয়ে কয়।

https://youtu.be/wJ5nI9Vq6Kg