NORTHEAST NOW (Assamese)
অসম

পাপনৰ চুম্বন বিতর্ক : অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ দল মুম্বাইলৈ

Posted by: এন ই নাও নিউজ February 28, 2018 12:07 pm
PAPON-33-644x362

এণ্ড টি ভিৰ ৰিয়েলিটি শ্ব’ৰ মুম্বাইত চলি থকা শ্বুটিঙৰ সময়ত অবাঞ্ছিতভাৱে চুম্বন বিতৰ্কত সোমাই পৰা অসমৰ কণ্ঠশিল্পী অংগৰাগ মহন্ত ওৰফে পাপনলৈ চমন জাৰি কৰিছে অসম আৰক্ষীয়ে। চমন জাৰি কৰাৰ লগতে বিতৰ্কৰ মূল ভিত্তিস্বৰূপ ভি ডি অ’টো সন্দৰ্ভত তদন্তৰ বাবে আজি অসম আৰক্ষীৰ এটা দল মুম্বাইলৈ যোৱাৰ কথা।

আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে, অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উক্ত গোচৰটোৰ ভিত্তিত চৰজমিন তদন্ত কৰিবৰ বাবে এই দলটোত অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত দুগৰাকী মহিলা বিষয়া থাকিব।

সূত্ৰটোৱে জনোৱা মতে, দলটোৱে পাপনে চুমা খোৱা কিশোৰীগৰাকীৰ উপৰি কিশোৰীগৰাকীৰ পিতৃ-মাতৃকো সোধা-পোছা কৰিব। তাৰ উপৰি এই দৃশ্য সম্বলিত ভিডিঅ’টোত থকা সকলো লোককে সোধা-পোছা কৰিব।

আনহাতে, ৰিয়েলিটি শ্ব’টো চলাই থকা চেনেলটোৰ কৰ্তৃপক্ষ আৰু ভিডিঅ’টো শ্বুটিং কৰা কলা-কুশলীসকলকো সোধা-পোছা কৰিব অসম আৰক্ষীৰ তদন্তকাৰী দলটোৱে।

‘শ্ব’ আৰু ঘটনাৰ দিনা ভিডিঅ’ ৰেকৰ্ডিং যিজন লোকে পৰিচালনা কৰি আছিল তেওঁকো তদন্তৰ আওতালৈ অনা হৈছে আৰু তেওঁকো সোধা-পোছা কৰা হ’ব’ এই বুলি কয় মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথে।

লগতে তেওঁ কয় যে শিশু অধিকাৰ সুৰক্ষা আয়োগে শিশুৰ যৌন উৎপীড়নৰ যি অভিযোগ দিছে সেয়া অতি গুৰুতৰ অভিযোগ। অভিযোগ কৰাৰ দৰে উৎপীড়ন হৈছিল নেকি তাৰ তথ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ প্ৰয়োজন আছে।

আনহাতে আন এটা সূত্ৰৰ পৰা গম পোৱা গৈছে যে শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা গোচৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতীৰ সাক্ষ্য গ্ৰহণ কৰিছে দিছপুৰ আৰক্ষীয়ে।

তদুপৰি, অভিযুক্ত পাপনক দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰা হৈছে। কিন্তু আজি পাপনৰ অধিবক্তাই তেওঁ ৰাজ্যৰ বাহিৰত থকাৰ বাবে থানাত হাজিৰ হোৱাৰ বাবে অধিক সময় বিচাৰি আৰক্ষীক আৱেদন কৰা বুলি জানিব পৰা গৈছে।