NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাত আক্ৰান্ত অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, খুলশালী আৰু ভতিজী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 1:39 pm
anupam-kher-mother-759

ক’ৰ’ণা ভাইৰাছে এতিয়া বলীউডতো ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিগ-বি অমিতাভ বচ্চন আৰু অভিষেক বচ্চন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, খুলশালী আৰু ভতিজী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

অভিনেতা অনুপম খেৰে টুইটাৰত এই বুলি কৈছে যে তেওঁৰ মাতৃ দুলাৰী, ভাতৃ ৰাজু, খুলশালী ৰিমা  আৰু ভতিজী বৃন্দা ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

মাতৃ দুলাৰীক মুম্বাইৰ কোকিলাবেন হস্পিতালত ভৰ্তি কৰোৱা হৈছে যদিও আন কেইগৰাকীক ঘৰতে কোৱাৰেন্টাইন কৰা হৈছে বুলি অনুপম খেৰে প্ৰকাশ কৰিছে।

অনুপম খেৰে প্ৰকাশ  কৰা অনুসৰি কিছুদিন ধৰি তেওঁৰ মাতৃয়ে ভোক নলগা বুলি কৈ আহিছিল।

চিকিৎসকে তেওঁৰ তেজ পৰীক্ষা কৰাৰ লগতে চিটি স্কেনো কৰে । তেজ পৰীক্ষাৰ ফলাফল ঠিকে আহে যদিও চিটি স্কেনৰ ফলাফলত সন্দেহ হোৱাত চিকিৎসকে তেওঁৰ কোভিডৰ পৰীক্ষা কৰোৱায়।

বৰ্তমান আটাইকেইগৰাকী ব্যক্তি সুস্থ হৈ থকা বুলি অনুপম খেৰে প্ৰকাশ কৰিছে।

ইপিনে নানাৱতী হস্পিতালত চিকিৎসাধীন হৈ থকা অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে।