NORTHEAST NOW (Assamese)
Popular Stories

২২ বাৰ বিচাৰিও ভাৰতে পোৱা নাই এখন মেপ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 9:19 am
india_china_border_2

চীন-ভাৰতৰ সীমা সমস্যা নতুন কথা নহয়।  দশকৰ পিছত দশক ধৰি দুয়ো খন দেশৰ মাজত কেৱল লাডাখেই নহয়,অৰুণাচল, ছিকিম আদিৰ সীমান্ত অঞ্চলক লৈয়ো বিবাদ চলি আহিছে।

শেহতীয়াকৈ পূৱ লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় জোৱানক হত্যা কৰাৰ পিছতে সমগ্ৰ বিষয়টো অধিক জটিল হৈ পৰিছে।

লাডাখ কাণ্ডৰ পিছত চীনৰ সৈতে ভাৰতৰ তিনি বাৰকৈ আলোচনা হৈছে। চতুৰ্থ লানি আলোচনাও শীঘ্ৰে অনুষ্ঠিত হব।

ভাৰতে এতিয়ালৈ লাডাখৰ সীমা সমস্যা সন্দৰ্ভত চীনৰ সৈতে ২২ বাৰ আলোচনা কৰিছে। এইবাৰ হবলগীয়া আলোচনাত ভাৰতে চীনক পুনৰ পূৱ লাডাখৰ মেপ ভাৰতৰ হাতত তুলি দিবলৈ দাবী জনাব বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি  চীনে আজি লৈকে পূৱ লাডাখৰ মেপ ভাৰতৰ হাতত অৰ্পন কৰা নাই ।

চীন আৰু ভাৰতৰ মাজৰ পূৱ লাডাখৰ মেপ আদান-প্ৰদান হ’লেহে দুয়ো খন দেশে প্ৰকৃত সীমা চিনাক্ত কৰিব পাৰিব যদিও চীনে উক্ত অঞ্চলৰ মেপ ভাৰতক দিয়াৰ পৰা বিৰত আছে।

দৰাচলতে চীনে পূৱ লাডাখৰ বৃহৎ অঞ্চল দখল কৰি আছে।

মেপৰ আদান-প্ৰদান হ’লেই জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে চীনে ভাৰতক নিদিয়ে পূৱ লাডাখৰ মেপ।

সেয়ে ২২ বাৰৰ আলোচনাত বিচাৰিও ভাৰতে পোৱা নাই সেই মেপ।