NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ অভিনেত্ৰীৰ : ভিডিঅ’ ভাইৰেল কৰাৰ হুমকি দি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 3:23 pm
chennai-bekary-owner-arrested

প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণ আৰু অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰাৰ হুমকিৰ ভাবুকি দি থকাৰ বিৰুদ্ধে আৰক্ষীৰ হৰণাপন্ন হয় এগৰাকী অভিনেত্ৰী।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰেমিকক।

ঘটনাৰ বিৱৰণী অনুসৰি টলিউদৰ এগৰাকী ২৬ বছৰীয়া অভিনেত্ৰীক যোৱা ৫ জুলাইত প্ৰেমিকে এটা খালি ফ্লেটলৈ নি বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিং কৰে।

ইয়াৰ পিছৰ পৰাই প্ৰেমিকজনে ৰেকৰ্ডিং ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকিৰে অভিনেত্ৰী প্ৰেমিকা গৰাকীক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।

আনকি অভিনেত্ৰী গৰাকীৰ সৈতে জোৰকৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলি অভিযোগ কৰিলেও ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ ভাবুকি দি আহিছিল লম্পট প্ৰেমিকে।

প্ৰেমিকৰ পৰা যথেষ্ট মানসিক আৰু শাৰীৰিক অত্যাচাৰ সন্মুখীন হোৱাৰ পিছত অভিনেত্ৰী গৰাকীয়ে ৮ জুলাইত যাদৱপুৰ আৰক্ষী থানাত প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

ইতিমধ্যে যাদৱপুৰ থানাৰ আৰক্ষীয়ে উক্ত এজাহাৰ ভিত্তিত প্ৰেমিকজনৰ বিৰুদ্ধে ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰ গোচৰ ৰুজু কৰি প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰেমিকজনক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈও প্ৰেৰণ কৰিছে।

ইফালে অভিনেত্ৰী গৰাকীৰয়ে এজন ব্যৱসায়ীৰ পুত্ৰ প্ৰেমিকে ব্যৱসায় কৰাৰ নামত তেওঁৰ পৰা ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে।