NORTHEAST NOW (Assamese)
অসম

অমিতাভ বচ্চন আৰু অভিষেক বচ্চন শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা ছাহিদ আফ্ৰিদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 3:55 pm

পকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে বলিউদৰ মহানায়ক অমিতাভ বচ্চন আৰু অভিষেক বচ্চন শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনাৰে টুইট কৰিছে।

যোৱা শুকুৰবাৰে নিশা অমিতাভ আৰু অভিষেকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তদুপৰি শনিবাৰে ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনো ক’ৰ’নাত আক্ৰান্ত হয়।

এই খবৰৰ পিছতে বি এম চিয়ে অভিনেতাগৰাকীৰ চাৰিওটা ঘৰ ছীল কৰাৰ লগতে বাহিৰখন কনটেইনমেণ্ট জ’ন কৰিছিল।

অমিতাভ বচ্চন আৰু তেওঁ পৰিয়াল ক’ভিড পজিটিভ হোৱাৰ খবৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। দেশৰ প্ৰতিটো কোণৰ পৰাই তেওঁৰ অনুৰাগী সকলে শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে।

ছাহিদ আফ্ৰিদীয়ে টুইটযোগে কয়, ‍‘অমিতাভ বচ্চন আৰু অভিষেক বচ্চনক শুভকামনা। আশা কৰো অতি শীঘ্ৰে সুস্থ হৈ উঠিব’।

আফ্ৰিদীৰ উপৰি প্ৰাক্তন পাকিস্তানী বেগী বলাৰ ছোৱাইব আখতাৰেও অমিতাভ আৰু তেওঁৰ পৰিয়াল ক’ভিড-১৯ ৰ পৰা শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা কৰে।

উল্লেখ্য যে ভাৰতত যোৱা ২৪ ঘণ্টাত ২৮,৭০১ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৫০০ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

দেশত এই পৰ্যন্ত ৮,৭৮,২৫৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ৫,৫৩,৪৭১ গৰাকী ৰোগী সুস্থ হৈ উঠিছে যদিও ৩,০১,৬০৯ গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে।

ইফালে দেশত এই পৰ্যন্ত সৰ্বমুঠ ২৩,১৭৪ গৰাকী ৰোগী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।