NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈ ঘোষণা কৰা হ’ব CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 2:32 pm

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ (CBSE)ৰ দশম শ্ৰেণীৰ চূডান্ত পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ বুধবাৰে ঘোষণা কৰিব।

ইয়াৰ পূৰ্বে সোমবাৰে CBSE এ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছিল।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে আজি এটা টুইটৰ জৰিয়তে দশম শ্ৰেণীৰ ফলাফল কাইলৈ ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দশম শ্ৰেণীৰ পৰীক্ষা ফলাফলসমূহ www.results.nic.inwww.cbseresults.nic.in, আৰু www.cbse.nic.in. ত চাব পাৰিব।

উল্লেখ্য যে সোমবাৰে ঘোষণা কৰা দ্বাদশ শ্ৰেণীৰ ফলাফলৰ মেৰিট লিষ্ট জাৰি কৰা নাছিল। সেই দিশৰ প্ৰতি লক্ষ্য কৰিলে ধাৰণা কৰিব পাৰি যে দশম শ্ৰেণীৰো মেৰিট লিষ্ট প্ৰকাশ নকৰে।

CBSE ৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.৭৮ শতাংশ। যোৱা বছৰ উত্তীৰ্ণৰ হাৰ আছিল ৮৩.৪০ শতাংশ।

ইফালে ৯৪.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষত দিল্লী জ’ন।

আনহাতে CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ল’ৰাৰ তুলনাত ছোৱালীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক।