NORTHEAST NOW (Assamese)
অসম

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 14, 2020 5:04 pm
kokrajhar

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক আজি সাক্ষাৎ কৰে বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ এটা সজঁতি দলে।

আগছু,এ এইছ বি ভি পিৰ প্ৰতিনিধিৰ উপস্থিতিত বিশ্ব বিদ্যালয় খনৰ উপাচাৰ্যক সাক্ষাৎ কৰি দলটোৱে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে।

দলটোৱে বিশেষকৈ ক’ৰ’ণাতংকৰ বাবে শেষ ছেমিষ্টাৰৰ যি সকল ছাত্র- ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হব পৰা নাই তেওঁলোকৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰা হব সেই বিষয়ত খৰচি মাৰি আলোচনা কৰে।

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যই প্ৰতিনিধিৰ দলটোক এই বুলি আশ্বাস দিয়ে যে যদি ৩০ জুলাইৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰা হয় তেন্তে লিখিত পৰীক্ষা হব।

৩০ জুলাইৰ পিছত পৰীক্ষা পাতিবলগীয়া হ’লে অনলাইন যোগে পৰীক্ষা পতা হ’ব।

উপাচাৰ্য গৰাকীৰ সৈতে হোৱা আলোচনা কালত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নাম ভৰ্তি অনলাইন যোগে কৰা হ’ব বুলি উপাচাৰ্যই প্ৰকাশ কৰে।

ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ বাবে একোটাকৈ টেবলেট দিয়াৰ প্রসংগতো আলোচনা কৰা হয়।

ইয়াৰ বাবে অর্থ সাহায্য আগবঢ়াবলৈ বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ তৰফৰ পৰা অসম চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

বডোলেণ্ড বিশ্ব বিদ্যালয়ক ১২-বি মৰ্যাদা প্ৰদানৰো দাবী জনায়  বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নে।