NORTHEAST NOW (Assamese)
অসম

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা; ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 1:26 pm

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ চমুকৈ (CBSE) য়ে প্ৰতীক্ষাৰ অন্তত ২০২০ বৰ্ষৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰে।

যিসকল ছাত্ৰ-ছাত্ৰীয়ে চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে cbse.nic.in আৰু cbseresults.nic.in ৱেবচাইটলৈ গৈ নিজৰ নিজৰ ফলাফল সমূহ চাব পাৰিব।

চলিত বৰ্ষত ১৬ লাখত কৈ অধিক ছাত্ৰ-ছাত্ৰী চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত মুঠ ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

উত্তীৰ্ণ হোৱা ৯১.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৯৩.৩১ শতাংশ ছোৱালী আৰু ৯০.১৪ শতাংশ ল’ৰা।

বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ত্ৰিবান্দ্ৰম শীৰ্ষ স্থানত থাকে। ত্ৰিবান্দ্ৰমৰ ৯৯.৮৫ শতাংশ ছাত্ৰ-ছাত্ৰী চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে চলিত বৰ্ষত ছাত্ৰ-ছাত্ৰী সকলে মুখত মাস্ক পিন্ধি চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

দুদিন পূৰ্বে চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল।