NORTHEAST NOW (Assamese)
অসম

ভাৰ্চুৱেল পৃথিৱীতে আৱদ্ধ বি টি চি নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান

Posted by: ছাজিদ খান Updated by: ছাজিদ খান July 15, 2020 7:06 pm
btc polls1(1)

বহু প্ৰত্যাশিত বি টি চি নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব সেয়া এতিয়াও অনিশ্চিত হৈয়েই ৰৈছে।

মহামাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে এতিয়া বি টি চিৰ ৪০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশা একপ্ৰকাৰ নিৰ্বাপিত কৰিছে।

চলিত বৰ্ষৰ ৪ এপ্ৰিলত বি টি চি নিৰ্বাচনৰ দিন ঠিক কৰা হৈছিল যদিও ক’ৰ’ণাতংকৰ বাবে নিৰ্দ্ধাৰিত দিনত অনুষ্ঠিত কৰিব পৰা নগ’ল।

এনে পৰিস্থিতিত কেতিয়া বি টি চি নিৰ্বাচন অনুষ্ঠিত হব সেয়া কোনেও কব নোৱাৰা হৈ পৰিছে।

বি টি চি নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসনাধিষ্ঠিত দল বি পি এফে ৪০ খন আসনতে প্ৰাৰ্থী আগবঢ়াইছে।

একেদৰে ইউ পি পি এল দলেও ৪০ খন আসনতে প্ৰাৰ্থী দিছে।

নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে মূলতঃ নিৰ্দলীয় প্ৰাৰ্থী সকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰা দেখা গৈছে।

কিন্তু ক’ৰ’ণাতংকৰ বাবে কোনো প্ৰাৰ্থীয়ে চলাব পৰা নাই প্ৰচাৰ।

এনে পৰিস্থিতিত ভাৰ্চুৱেল পৃথিৱী অৰ্থাৎ ছ’চিয়েল মিডিয়াৰ মাজতে প্ৰাৰ্থী সকলে প্ৰচাৰ সীমাৱদ্ধ কৰি ৰাখিবলগীয়া হৈছে।

প্ৰাৰ্থী সকলেও নাজানে ভাৰ্চুৱেল পৃথিৱীৰ পৰা ওলাই আহি তেওঁলোকে কেতিয়া বাস্তৱৰ পৃথিৱীত প্ৰচাৰ চলাব পাৰিব।