NORTHEAST NOW (Assamese)
Popular Stories

অতি মৰ্মান্তিক ঘটনা! : বন্ধুক বচাবলৈ গৈ সলিল সমাধি ঘটিল পাঁচটি পাঁচবছৰীয়া কণমাণি শিশুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 9:38 am
2020_3image_15_51_478747655340-ll

অতি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মুৰ্ছিদাবাদৰ ৰাণীতিলা থানাৰ অন্তৰ্গত এখন গাঁৱত।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি এটি ইটাভাটাৰ কাষত খেলি থকা পাঁচটি কণমাণি শিশুৰ সলিল সমাধি ঘটিছে।

তেওঁলোক হ’ল অতি অন্তৰংগ বন্ধু মিণ্টু শ্বেখ, ছাকিল শ্বেখ, ইউনুছ শ্বেখ, ইব্ৰাহিম শ্বেখ আৰু আজমল শ্বেখ। আটাইকেটি শিশুৰে বয়স মাথো পাঁচ বছৰ আছিল।

নেৰানেপেৰা বৃষ্টিপাতৰ ফলত ইটাভাটাৰ ওচৰতে এটি খালত পানী জমা হৈ এটি ডোঙাৰ সৃষ্টি হয়।

ডোঙাৰ ওচৰতে খেলি থকা পাঁচটি শিশুৰ মাজৰ মিণ্টু আৰু ছাকিল নামৰ শিশু দুটি পানীৰ ডোঙালৈ হঠাতে নামি যায়।

পাঁচ বছৰীয়া শিশু দুটি ডোঙাত নামি পাৰলৈ উঠি আহিব নোৱাৰা দেখি বাকী তিনিটি শিশুৱে তেওঁলোকক উদ্ধাৰ কৰাৰ মানসেৰে ডোঙাটোৰ পাৰলৈ যায়।

পানীত আৱদ্ধ দুটি শিশুক উদ্ধাৰ কৰিবলৈ বাকী তিনিটি শিশুৱে পানী ডোঙাটোলৈ নামি গৈ অৱশেষত পাৰলৈ উঠিব নোৱাৰিলে।

অৱশেষত পানীৰ ডোঙাত আৱদ্ধ হৈ পাঁচোটি শিশুৰো সলিল সমাধি ঘটে।

দিনটো শিশু পাঁচটিক নেদেখি পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিবলৈ ধৰে আৰু সন্ধিয়া পৰত পানীৰ ডোঙাটোত পাঁচোটি শিশুৰ শৰীৰৰ ওপঙি থকা দেখা পায়।

স্থানীয় আৰক্ষীয়ে অকণি শিশুকেইটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অতি অন্তৰংগ পাঁচ শিশু বন্ধু পানীৰ ডোঙাত কৰুণভাৱে সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ইফালে স্থানীয় লোকে মত ব্যক্ত কৰিছে যে মৃত্যুৱেও উক্ত পাঁচ অন্তৰংগ শিশু বন্ধুক পৃথক কৰিব নোৱাৰিলে!