NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাই কাঢ়ি নিলে নেকি শিশুৰ অধিকাৰ! ভেকচিনৰ পৰা বঞ্চিত বিশ্বৰ শিশু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 5:42 pm
vaccination-600x375

ক’ৰ’ণা ভাইৰাছে বহু অধিকাৰেই মানুহৰ পৰা কাঢ়ি নিছে। মুকলি মনেৰে ঘূৰি ফুৰাৰ অধিকাৰ,ৰেষ্টুৰেন্টত একেলগে বহি খোৱাৰ অধিকাৰ,চিনেমা চোৱাৰ অধিকাৰ আৰু যে কত’ কি অধিকাৰ…

ডাঙৰ সকলৰ অধিকাৰ কাঢ়ি নিয়াৰ দৰেই ক’ৰ’ণাতংকই কাঢ়ি নিছে শিশু সকলৰো এক বিশেষ অধিকাৰ।

সেয়া হৈছে শিশুৰ ভেকচিনৰ অধিকাৰ। শিশু সকলক বিভিন্ন মাৰক ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰদান কৰা ভেকচিন প্ৰদান প্ৰক্ৰিয়াত বাৰুকৈয়ে বাধাৰ সৃষ্টি কৰিছে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পিছতে বিশ্বত শিশুক ভেকচিন প্ৰদান কৰা কাৰ্য উদ্বেগজনক ভাৱে হ্ৰাস পাইছে।

ক’ৰ’ণাতংকৰ প্ৰথম চাৰিটা মাহত বিশ্বৰ প্ৰায় ৮০ খন দেশৰ গৰিষ্ঠ সংখ্যক শিশুৱেই লাভ কৰা নাই মাৰক ৰোগ ডিপথেৰিয়া, টিটেনাছ, হুপিং কাঁহ আদিৰ ভেকচিন।

এই সময়ছোৱাত ইউনিচেফে বন্ধ কৰিবলগীয়া হৈছে ৩০টাকৈ মিজলছ অভিযান।

২০১৮ চনত মিজলছে বিশ্বত সংহাৰৰ সৃষ্টি কৰিছিল।

সেই সময়ত বিশ্বত মিজলছে প্ৰাণ কাঢ়ি নিছিল প্ৰায় ১০ নিযুত লোকৰ।

মৃত্যু ঘটা সকলৰ ভিতৰত অধিকাংশই আছিল শিশু।

ক’ৰ’ণাতংকৰ বাবে প্ৰায় ভাগ দেশতে মানুহ বাহিৰলৈ ওলাব পৰা নাই।

সেইবাবেই বাধাপ্ৰাপ্ত হৈছে শিশুৰ ভেকচিন প্ৰক্ৰিয়া।ফলত অধিকাৰৰ পৰা বঞ্চিত হৈছে বিশ্বৰ কোটি কোটি শিশু।