NORTHEAST NOW (Assamese)
Popular Stories

মানৱতাঃ ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ ডেৰ কোটি টকাৰ বিল ৰেহাই দিলে চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 7:26 pm
Dubai-Indian-Corona

পৃথিৱীত মানৱতাৰ এতিয়াও অপমৃত্যু হোৱা নাই। তাৰেই প্ৰমাণ পোৱা গ’ল ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত এজন ভাৰতীয় ৰোগীৰ ক্ষেত্ৰত।

ৰোগী জনৰ নাম ৰাজেশ ওৰনাল। ঘৰ তেলেংগানাৰ হায়দৰাবাদত।

কৰ্মসূত্ৰে ৰাজেশ থাকে ডুবাইত। ডুবাইৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানত প্ৰায় দুবছৰ ধৰি কাম কৰি থকা ৰাজেশ চলিত বৰ্ষৰ এপ্ৰিল মাহত হঠাতে অসুস্থ হৈ পৰে।

ব্যয় বহুল মহানগৰী ডুবাইত যিহেতু চৰকাৰী চিকিৎসালয়ৰ সংখ্যা তেনেই কম সেয়ে ৰাজেশে ইচ্ছা নথকা সত্বেও ভৰ্তি হবলগীয়া হৈছিল এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

ৰাজেশৰ চিকিৎসা চলি আছিল, এনেতে জুন মাহৰ প্ৰথম ভাগত তেওঁৰ দেহত ধৰা পৰে ক’ৰ’ণা ভাইৰাছ।

তথাপি চিকিৎসালয় খনতে ৰাজেশৰ চিকিৎসা চলাই গ’ল চিকিৎসকে।

চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ বলত ৰাজেশে ক’ৰ’ণাৰ পৰা মুক্ত হৈ নতুন জীৱন পালে।

কিন্তু ৰাজেশৰ জীৱনত নতুন সংকট আৰম্ভ হ’ল এইবাৰহে।

প্ৰায় ৮০ দিন ধৰি চিকিৎসা কৰাৰ বাবদ চিকিৎসালয় কৰ্তৃপক্ষই ৰাজেশৰ হাতত তুলি দিলে ১ কোটি ৫৩ লাখ টকাৰ বিল।

কিন্তু ৰাজেশে কিদৰে পৰিশোধ কৰিব ইমান বিশাল অংকৰ বিল!

এইবাৰ দৃশ্যপটত আৱিৰ্ভাব ঘটিল গালফ প্ৰটেকছন ছোচাইটিৰ এজন কৰ্মকৰ্তাৰ।

তেওঁ ৰাজেশৰ অৱস্থাতো বুজি চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতিলে আৰু তেওঁৰ প্ৰচেষ্টাতে ৰাজেশক চিকিৎসালয় কৰ্তৃপক্ষই সমুদায় বিল ৰেহাই দিয়ে।

কেৱল সেয়াই নহয়,ৰাজেশক হায়দৰাবাদলৈ উভতি অহাৰ বিমানৰ টিকটো কাটি দিলে চিকিৎসালয় কৰ্তৃপক্ষই।

লগতে হাত খৰচ হিচাবে হাতত গুজি দিলে ১০ হাজাৰ টকা।

সঁচাকৈয়ে ইয়াকে কয় মানৱতা।