NORTHEAST NOW (Assamese)
Popular Stories

কমনৱেলথ গে’মছলৈ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই : বুধবাৰে ৰাতিলৈকে খেলুৱৈগৰাকীক খবৰেই দিয়া নাই নিৰ্বাচকে

Posted by: এন ই নাও নিউজ February 28, 2018 11:27 pm
boxer lovlina borgohain

কমনৱেলথ গে’মছত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাচনি হৈছে অসমৰ গোলাঘাটৰ জীয়ৰী লাভলিনা বৰগোহাঁই। আনহাতে বাদ পৰিছে অসমৰে জনপ্ৰিয় বক্সাৰ শিৱ থাপা।

আশ্চৰ্য্যজনকভাৱে বৰ্তমান দিল্লীত থকা অসমৰ খেলুৱৈগৰাকীক বাচনি কৰা হৈছে বুলি বুধবাৰে ৰাতিলৈকে নিৰ্বাচক বক্সিং ফেডাৰচনে জনোৱাই নাই। বুধবাৰে ৰাতি প্ৰায় ১০.৫০ বজাত এন ই নাও-এ তেওঁক শুভেচ্ছা জনাবলৈ ফ’ন কৰোতেহে তেওঁ এই কথা গম পোৱা বুলি কয়।

এন ই নাও-ক অসমৰ তৰুণী বক্সাৰ গৰাকীয়ে ‘মই চিলেক্ট হৈছো নে নাই গম পোৱা নাই’ বুলি জনায়।

কমনৱেলথ গে’মছৰ দৰে গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতালৈ দেশক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা খেলুৱৈ এগৰাকীয়ে তেওঁ বাচনি হোৱাৰ খবৰটোৱেই নোপোৱাটো দুৰ্ভাগ্যজনক। খেলৰ প্ৰতি ক্ৰীড়া সংগঠক আৰু খেল মন্ত্ৰী আদিৰ মনোভাৱ এই কথাই প্ৰতিপন্ন কৰিছে বুলি ক্ৰীড়াপ্ৰেমীয়ে মন্তব্য কৰিছে।

লাভলিনাই ইণ্ডিয়া অ’পেনত সোণ পদক পোৱাৰ ভিত্তিত তেওঁক বাচনি কৰা হৈছে।

Scroll.inএ পৰিৱেশন কৰা সংবাদ অনুসৰি লাভলিনাই ৬৯ কে’জি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে মণিপুৰৰ মেৰি কমে ৪৮ কে’জি আৰু সৰিতা দেৱীয়ে ৬০ কে’জি শাখাত খেলিব।

আনহাতে প্ৰথমবাৰৰ বাবে এইবাৰৰ বাচনি পৰম্পৰাগত ধৰণৰ নাছিল আৰু বাচনিৰ ভিত্তিসমূহ সম্পৰ্কে খেলুৱৈসকলক জানুৱাৰি মাহতহে অৱগত কৰা বুলি বাতৰি ওলাইছে।