NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত এতিয়ালৈকে এদিনত সৰ্বাধিক কৰ’না আক্ৰান্ত; নতুনকৈ ১২১৮গৰাকী কোভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 6:37 am
COVID19-positive-750x375-1

ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ আৰু ১২১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ৰাজ্যত এয়া হৈছে এতিয়ালৈকে এদিনত সৰ্বাধিক আক্ৰান্ত ৰোগীৰ সংখ্যা।

ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আছে ৫৭০ গৰাকী।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২১৮৬৪ গৰাকীলৈ বৃদ্ধি পালে।

এক টুইটৰ যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানে ৭,৭০৫ গৰাকী আক্ৰান্তৰ শৰীৰত কোভিড-১৯ ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে কোভিডমুক্ত হৈছে ১৪,১০৫ গৰাকী আক্ৰান্ত।

স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানলৈকে ৫১ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে।

আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে ৮৯২গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৮৪ গৰাকী আছিল।

সেইদৰে, বুধবাৰে ৰাজ্যত ১০৮৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল।

ইয়াৰ ভিতৰত ৬৪৯ গৰাকীয়েই আছিল গুৱাহাটীৰ মহানগৰীৰ।

উল্লেখ্য যে, ভাইৰাছবিধ সক্ৰিয় হৈ থকা আক্ৰান্তসকলক ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেইদৰে, সুস্থ হৈ উঠা কোভিড-১৯ আক্ৰান্তসকলক কোভিড চিকিৎসালয়ৰ পৰা মুক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে জুলাই মাহত ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।