NORTHEAST NOW (Assamese)
অসম

নিজকে চিকিৎসক বুলি পৰিচয় দি কোভিড কেন্দ্ৰত ৪০ বছৰীয়া মহিলাক ধৰ্ষণ ২৫ বছৰীয়া লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 11:32 am

নেভি মুম্বাইত অৱস্থিত এটা কোভিড-১৯ কেয়াৰ কেন্দ্ৰত শুকুৰবাৰে এগৰাকী ৪০ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপিত হয়।

আৰক্ষীয়ে জনোৱা মতে, ক’ৰ’না আক্ৰান্ত হোৱা ৪০ বছৰীয়া মহিলা গৰাকীক নেভি মুম্বাইৰ এটা কোভিড-১৯ কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল।

উক্ত কোভিড-১৯ কেয়াৰ কেন্দ্ৰটোতে থকা আন এগৰাকী ২৫ বছৰীয়া লোকে ৪০ বছৰীয়া মহিলা গৰাকীক চিকিৎসক বুলি পৰিচয় দি ধৰ্ষণ কৰে বুলি মহিলা গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে।

কোভিড কেয়াৰ কেন্দ্ৰটোত অভিযুক্ত ধৰ্ষণকাৰী লোকজনে দ্বিতীয় মহলাত থকাৰ বিপৰীতে মহিলা গৰাকীয়ে পঞ্চম মহলাত কোৱাৰেণ্টাইন হৈ আছিল।

বৰ্তমান সময়ত কোভিড-১৯ কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন হৈ থকা বাবে আৰক্ষীয়ে লোকজনক আটক কৰা নাই যদিও তেওঁৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, কোভিড-১৯ কেন্দ্ৰতে নিজৰ যৌন বাসনা চাৰিতাৰ্থ কৰিব বিচৰা যুৱক জনৰ মানসিকতাক জনসাধাৰণে ধিক্কাৰ দিয়াৰ বিপৰীতে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়।