NORTHEAST NOW (Assamese)
অসম

চামগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখলেৰে তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

Posted by: বিদ্যুৎ জ্যোতি বৰা Updated by: বিদ্যুৎ জ্যোতি বৰা July 18, 2020 7:10 pm
index.jpgb b

নগাঁও জিলাৰ চামগুৰি তিনি আলিত আজি চাৰিটাকৈ সংগঠনৰ নেতা কৰ্মীই মানৱ শৃংখল কাৰ্যসূচীৰে অখিল গগৈসহ “কা” আন্দোলনৰ লগত জড়িত সমূহ কাৰাবন্দীৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজি চামগুৰি তিনি আলিস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতি, চামগুৰি শাখাৰ বীৰ লাচিত সেনা আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আটছাৰ নেতা, কৰ্মীয়ে অখিল গগৈসহ “কা” আন্দোলনৰ লগত জৰিত সকলো কাৰাবন্দীৰ মুক্তিৰ দাবীত মানৱ শৃংখলেৰে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে চামগুৰি আকাশ বতাহ কঁপাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে প্ৰতিবাদী সংগঠন কেইটাই বিজেপি নেতৃতাধীন চৰকাৰখনক অতি শীঘ্ৰে অখিল গগৈসহ আন “কা” আন্দোলনকাৰীক মুক্তি নিদিলে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে।