NORTHEAST NOW (Assamese)
অসম

জি এম চি এইচৰ অধীক্ষক, তিনিচুকীয়াৰ ডি চি ক’ভিড পজিটিভ

Posted by: মানস প্ৰতিম গগৈ/ এন ই নাও নিউজ Updated by: মানস প্ৰতিম গগৈ/ এন ই নাও নিউজ July 18, 2020 11:24 pm
GMCH Superintendent, Tinsukia DC test COVID-19 positive

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা আৰু তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগু শনিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

উপায়ুক্ত পেগুৱে আজিৰ দিনটোত বাঘজান তৈলখাদ বিস্ফোৰণৰ ক্ষতিগ্ৰস্ত ১১টা পৰিয়ালক চেক বিতৰণ কৰিছিল।

মন্ত্ৰী সঞ্জয় কিষান, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইলৰ বিষয়া হীৰেন চন্দ্ৰ বৰা, ডুমডুমাৰ চাৰ্কল অফিচাৰ নন্দিতা ৰয় চৌধুৰীকে প্ৰমুখ্যে কৰি বহু কেইজনৰ উপস্থিতিত চেক বিতৰণ কৰিছিল উপায়ুক্ত ভাস্কৰ পেগুৱে।

একেসময়তে উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল।

জিলা উপায়ুক্ত গৰাকী ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইফালে ১০৬০গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই শনিবাৰে পোন্ধৰ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

শনিবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰাসকলক ধৰি অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা হৈছে ১৫,১৬৫গৰাকী।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬৬৪৩গৰাকী।

শনিবাৰে অসমত দুগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

এই দুজনক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫৩লৈ বৃদ্ধি পাইছে।

শনিবাৰে মৃত্যু সাৱটা লোক দুজন হ’ল কামৰূপ মহানগৰ জিলাৰ বিনন্দি ৰাম কলিতা (৬১) আৰু যোৰহাটৰ সুশীল শ্যামল (৬২)।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২১,৮৬৪গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।