NORTHEAST NOW (Assamese)
অসম

বাট পথৰ জৰাজীৰ্ণতাই জ্বলা-ক’লা খুৱাইছে টীয়কৰ এজাৰগুৰিৰ ৰাইজক

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক July 19, 2020 2:38 pm
Screenshot_2020-07-19-14-15-55_1

ৰাজ্যত এফালে ক’ৰ’ণাৰ আতংক আনফালে বানপানীৰ তাণ্ডৱ।

সৰু সুৰা অসুবিধা যেন এতিয়া কাৰো চকুত নপৰে। তাৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ নৈপৰীয়া অঞ্চল এজাৰগুৰিৰ ৰাইজ ওলাই আহিছে পথলৈ।

সামাজিক দূৰত্ব মানি মুখত মাস্ক পৰিধান কৰি শাৰী পাতি আবাল বৃদ্ধ বনিতাৰ পৰা শিশুলৈকে কৰিছে মৌন প্ৰতিবাদ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংলগ্ন এজাৰগুৰি অঞ্চলৰ মূল গড়কাপ্তানি পথটিৰ জৰাজীৰ্ণতাই ৰাইজক জ্বলা-ক’লা খুৱাইছে।

নামত পকীকৰণ হ’ল যদিও মেৰামতিৰ অভাৱত এতিয়া পথটোত পুখুৰীসদৃশ গাত, স্কুল-কলেজীয়া ছাত্ৰ ছাত্ৰীকে ধৰি ৰোগীসকলে জীয়াতু  ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত।

লগতে এই মূল পথৰ লগত সংযোগী প্ৰায় ৩০খন গাঁৱলৈ যোৱা উপ পথসমূহৰ অৱস্থা আৰু ভয়ানক।

এজাক বৰষুণতে পথসমূহ পুখুৰীলৈ পৰিণত হয়, কিম্বা যেন অভায়াৰণ্যৰ ভিতৰলৈ পথহে।

সেয়ে স্থানীয় ৰাইজ ওলাই আহি অন্তত পথসমূহ কিছু পৰিমাণে হ’লেও মেৰামতি কৰি যাতায়াতৰ সুচল কৰি দিবলৈ চৰকাৰক দাবী জনাইছে।